ডিজিটেল ডেস্কঃ বাহুবলী ২ৰ বাবে আগ্ৰহৰ অন্ত নোহোৱা হৈছে দৰ্শকৰ৷ বাহুবলী ২ ৰ বাবেই হায়দাৰাবাদৰ এটা চিনেমা গৃহত প্ৰায় ৩ কি.মি. শাৰীৰ সৃষ্টি হ’ল৷ পুৱা ৭ বজাতে টিকটৰ বাবে ভিৰ কৰিছে দৰ্শকে৷ সমগ্ৰ হায়দাৰাবাদতে টিকটৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে দৰ্শকে৷
ঠাই বিশেষে মাৰ-পিটৰ ঘটনাই সংঘটিত হৈছে৷ তদুপৰি ২৫০ টকাৰ টিকটো ৬০০ টকা পৰ্যন্ত বিক্ৰী হোৱাৰ ঘটনাও পোহৰলৈ আহিছে৷ অনলাইনৰ জৰিয়তেও প্ৰত্যেকদিনাই সহাস্ৰাধিক টিকট বিক্ৰী হৈছে৷ এছ এছ ৰাজামৌলীৰ বাহুবলী২ মুক্তিৰ পুৰ্বেই সৃষ্টি কৰিছিল বিতৰ্কৰ৷