গুৱাহাটীঃ কিছুদিন পূৰ্বে স্বাক্ষৰিত বড়ো শান্তি চুক্তিক লৈ আনন্দ আৰু উৎকণ্ঠা সমানে বিৰাজ কৰিছে। বহুতৰ মতে বৰ অসমৰ ভেটি এনেকৈয়ে লাহে লাহে উচন হৈছে। আনহাতে, আন বহুতেই আদৰণি জনাইছে এই চুক্তি। কেবা দশক ধৰি চলি অহা নিৰৱচ্ছিন্ন সংগ্ৰামে সন্ত্ৰাসিত কৰি ৰখা বড়োভূমিত শান্তিৰ পৰিবেশ প্ৰকৃততেই উভতি আহিবনে? বিটিআৰ চুক্তিক বড়োসকলে যিদৰে আদৰি লৈছে, সমানে ইয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিটিএডিৰ অবড়ো ৰাইজ।
উল্লেখ্য যে, পৃথক বড়োলেণ্ডৰ দাবীৰে গঠিত বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ ১৫৫০ জন সদস্যই ৩০ জানুৱাৰীত তৃতীয় বড়ো শান্তি আলোচনাৰ চুক্তি সম্পাদিত কৰি মূল সুতিঁলৈ উভতি আহিছে।