বৰপেটাঃ গ্ৰীণহাৰ্ট নামৰ বেচৰকাৰী সংগঠন এটাৰ উদ্যোগত মানাহ অভয়াৰণ্যত অাজিৰে পৰা অাৰম্ভ হোৱা বনৰীয়া ম’হ গণনাত গণনা কাৰ্যত নিয়োজিত সেচ্ছাসেৱী সংস্থাৰ দুজন কৰ্মীক অাৰু এজন নিৰাপত্তাৰক্ষীক বনৰীয়া মহে অাক্ৰমণ কৰি গুৰুতৰভাৱে অাহত কৰা কাৰ্যই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বনৰীয়া ম’হৰ অাক্ৰমণত অাহত হোৱা পৰিৱেশ কৰ্মী দুগৰাকী হ’ল নৱজিৎ বৰ্মন অাৰু হোমেন তালুকদাৰ। ইয়াৰে হোমেন তালুকদাৰ সম্প্ৰতি অতি সংকটজনক অৱস্থাত গুৱাহাটীৰ নাৰায়না চিকিৎসালয়ৰ অাইচিইউত চিকিৎসাধীন হৈ আছে।