নগাঁওঃ ডবকা বনাঞ্চলৰ গাতে লাগি থকা বগাজুৰি অঞ্চলত থকা জলাশয় আৰু পতিত মাটিত কেইবাবছৰ ধৰি একাংশ লোকে বেদখল কৰি খেতিবাতি কৰি আহিছিল। ফলত আতংকিত বন্যপ্ৰাণীৰ মুক্ত বিচৰণত অসুবিধাৰ সৃষ্টি হৈছিল। বিষয়টো বন বিভাগৰ দৃষ্টিগোচৰ হোৱাত বন বিষয়া ছফিকুৰ ৰহমানে খণ্ড বন বিষয়া মহেশ নাথৰ জৰিয়তে অলপতে উক্ত স্থানৰ খেতিপথাৰ উচ্ছেদ কৰাত আজি বন্যপ্ৰাণীসমূহে মুকলিকৈ বিচৰণ কৰিব পাৰিছে যদিও এইবাৰ ন সমস্যাই দেখা দিছে।
সমস্যাই দেখা দিছে পানীক লৈ। সন্ধিয়াৰ পৰা পুৱালৈকে বিশেষকৈ হাতী, হৰিণা, বন গাহৰি, বনৰীয়া কুকুৰাৰ লগতে বিভিন্ন প্ৰজাতিৰ পক্ষী এই স্থানত খাদ্যৰ সন্ধানত আহে। কিন্তু সেই স্থানত প্ৰয়োজনীয় খাদ্য আছে যদিও খোৱা পানীৰ অভাৱে দেখা দিছে। বন বিভাগক শীঘ্ৰে জন্তুৰ বাবে প্ৰয়োজনীয় খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ প্ৰকৃতিপ্ৰেমীসকলে আহ্বান জনাইছে।