67
বিশ্বনাথঃ বন্যপ্ৰাণীৰ চোৰাং বেহা কৰা চক্ৰৰ সন্ধান কৰি সফলতা লাভ কৰিছে বিশ্বনাথৰ আৰক্ষীয়ে। এক গোপন সূত্ৰৰ পমখেদি বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই বিশ্বনাথৰ আমবাৰীৰ সেউজপুৰৰ পৰা ঢেকীয়াপতীয়া বাঘৰ ছাল আৰু প্ৰায় চাৰি কেজি বাঘৰ হাঁড় জব্দ কৰে। এই ঘটনাৰ লগত জড়িত ঘনশ্যাম গুপ্তা নামৰ এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰে। জব্দ কৰা ছাল আৰু হাঁড়ৰ মূল্য প্ৰায় পাঁচ লাখ টকা হ’ব পাৰে বুলি আৰক্ষীয়ে জানিব দিছে।