ৰঙিয়াঃ ছয় মহীয়া পুত্ৰ সন্তানক বুকত বান্ধি লৈ জুবিন গাৰ্গৰ ঘৰ বিচাৰি ফুৰা এগৰাকী মহিলাক আজি নাটকীয় ভাবে ৰঙিয়া উদীয়ানাৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে। নগাওঁ যমুনামুখৰ কবিতা গগৈ নামৰ বিশ বছৰীয়া মহিলাগৰাকীয়ে তেওঁ ৰঙিয়া কেনেকৈ পালে সেই বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে তেওঁ ১৫ দিন পূৰ্বে স্বামী কল্যাণ গগৈক বিচাৰি গুৱাহাটীত উপস্থিত হৈছিল।

স্বামীয়ে কোৱামতে তেওঁ সংগীত শিল্পী জুবিন গাৰ্গৰ ফ্লেটত গাৰ্ড হিচাবে কাম কৰে। এক প্ৰকাৰ সম্পৰ্ক বিচ্ছিন্ন কৰা স্বামী কল্যাণ গগৈক লগ কৰাৰ বাবেই গুৱাহাটীত জুবিনৰ ঘৰ বিচাৰি হাবাথুৰি খোৱা মহিলাগৰাকী ৰঙিয়াত আন এক সন্ধানত উপস্থিত হয়।

মহিলাগৰাকীয়ে জনোৱা মতে তেওঁৰ স্বামীয়ে জুবিনৰ খাৰঘুলিত থকা এটা ফ্লেটত কৰ্মৰত বুলি জানিব পাৰি তাত গৈ সন্ধান কৰে যদিও তাত স্বামীৰ কোনো সন্ধান নাপায়। কিন্তু উক্ত সময়তে পল্লবী বুলি চিনাকি দিয়া এগৰাকী যুৱতীয়ে কবিতালৈ ফোন কৰি কয় যে তেওঁৰ ঘৰ ৰঙিয়াত। তেওঁ কল্যাণ গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে আৰু ৰঙিয়াতে থাকে।

এইখিনি কথা কৈয়ে যুৱতীগৰাকীয়ে ফোনটোৰ সংযোগ বিচ্ছিন্ন কৰি দিয়ে। অকণো সময় নষ্ট নকৰি মহিলাগৰাকীয়ে পুনৰ ৰেল যোগে ৰঙিয়ালৈ আহি পানী কেচুৱাটো বুকত বান্ধিলৈ নিশা ৰঙিয়া ষ্টেশ্যনতে কটায়। লঘোণে থকাৰ পিছত মহিলাগৰাকীয়ে পুত্ৰ সন্তানটো আনক গতাই দি উদ্ধাৰ হোৱাৰ সিদ্ধান্ত লয়।

এনেদৰে পুত্ৰ সন্তানটিক ৰঙিয়াৰ এজন কলিতা উপাধিৰ ব্যক্তিয়ে ৰাখিব বুলি জানিব পাৰি মহিলাগৰাকীয়ে ৰঙিয়া হাইৱে চকত উপস্থিত হয়। উক্ত সময়তে বিষয়টো সন্দৰ্ভত কেইজনমান ব্যক্তিয়ে অৱগত হৈ মহিলাগৰাকীক আশ্ৰয় দিয়াৰ বাবে এজন অটো চালকক গতাই দিয়ে।

অটো চালকজনে মহিলাগৰাকীক উদীয়ানাৰ তেওঁৰ সম্পৰ্কীয় মোজাম্মিল হকৰ পত্নী মাইনু হকক গতাই দিয়ে। বিগত এসপ্তাহ ধৰি মাইনু নামৰ মহিলাগৰাকীয়ে কবিতা গগৈক আশ্ৰয় দিয়াৰ উপৰিও ছমহীয়া পানী কেচুৱাটোক নিজৰ বুকৰ গাখীৰ খুৱাই ৰাখে।

ইফালে আজি ঘটনাটোৰ সন্দৰ্ভত স্থানীয় সংবাদ কৰ্মীয়ে অৱগত হোৱাত উদীয়ানাৰ মোজ্জামিল হকৰ ঘৰত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ লগতে পানী কেচুৱাটো ৰঙিয়া থানালৈ আনি মহিলাগৰাকীৰ ভাষ্য লিপিবদ্ধ কৰাৰ ব্যৱস্থা কৰিছে।