ৰঙিয়াঃ ছয় মহীয়া পুত্ৰ সন্তানক বুকত বান্ধি লৈ জুবিন গাৰ্গৰ ঘৰ বিচাৰি ফুৰা এগৰাকী মহিলাক আজি নাটকীয় ভাবে ৰঙিয়া উদীয়ানাৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে। নগাওঁ যমুনামুখৰ কবিতা গগৈ নামৰ বিশ বছৰীয়া মহিলাগৰাকীয়ে তেওঁ ৰঙিয়া কেনেকৈ পালে সেই বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে তেওঁ ১৫ দিন পূৰ্বে স্বামী কল্যাণ গগৈক বিচাৰি গুৱাহাটীত উপস্থিত হৈছিল।
স্বামীয়ে কোৱামতে তেওঁ সংগীত শিল্পী জুবিন গাৰ্গৰ ফ্লেটত গাৰ্ড হিচাবে কাম কৰে। এক প্ৰকাৰ সম্পৰ্ক বিচ্ছিন্ন কৰা স্বামী কল্যাণ গগৈক লগ কৰাৰ বাবেই গুৱাহাটীত জুবিনৰ ঘৰ বিচাৰি হাবাথুৰি খোৱা মহিলাগৰাকী ৰঙিয়াত আন এক সন্ধানত উপস্থিত হয়।