51
পূৱ যোৰহাটঃ আস্থা ৰেলত তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ দিল্লীত টিয়কৰ লাহিং মাজকুৰিৰ অনামিকা চুতিয়া নামৰ ৫৫ বছৰীয়া মহিলা গৰাকীয়ে মৃত্যুক সাৱতি লগা ঘটনাই সমগ্ৰ লাহিং অঞ্চলতে শোকৰ ছাঁ পেলাইছে।
৯ মে’ত সম্পূৰ্ণ সুস্থ শৰীৰেৰে ওলাই যোৱা মহিলাগৰাকী উত্তৰ ভাৰত ভ্ৰমণ কৰাৰ পিছত দিল্লীত অসুস্থ অনুভৱ কৰে। পিছত মহিলা গৰাকীক আত্মীয়ই দিল্লীৰ গংগাৰাম হস্পিতালত ভৰ্ত্তি কৰায়।