ডিজিটেল ডেস্কঃ সফলতা লাভৰ কাৰণে কোনো বয়স নাথাকে। ধৈৰ্য থাকিলে জীৱনত কোনো এটা মূহুৰ্তত হ’লেও সফলতাই আপোনাক ধৰা দিব। তাৰবাবে লাগিব ধৈৰ্য। কিন্তু ১০১ বছৰলৈ ৰৈ থকাৰ ধৈৰ্য? হয়, ১০১ বছৰত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী মহিলাই। তাকো লুডু বা কেৰম নহয়, দৌৰৰ বাবে লাভ কৰিছে এই পদক।

নিউজিলেণ্ডৰ অ’কলেণ্ডত অনুষ্ঠিত হোৱা ৱৰ্লড মাষ্টাৰ্চ গেমচত ১০০ মিটাৰ দৌৰত সোমবাৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে চণ্ডীগড়ৰ ১০১ বৰ্ষীয় মান কৌৰে। ১ মিনিট ১৪ চেকেণ্ডত ১০০ মিটাৰ দৌৰত জয়ী হোৱা বৰ্ষীয়ান দৌৰবিদগৰাকীয়ে টুৰ্ণামেণ্টত বুধবাৰে হ’বলগা ২০০ মিটাৰ দৌৰতো ভাগ ল’ব বুলি জানিবপৰা গৈছে।

ওজন দলিওৱা প্ৰতিযোগীতাতো ভাগ ল’ব বয়সে হৰুৱাব নোৱাৰা এই খেলুৱৈগৰাকীয়ে। পুত্ৰ গুৰুদেৱৰদ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত মান কৌৰে ইতিমধ্যে ভালেকেইখন আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পদক লাভ কৰি আদৰ্শ স্থাপন কৰিছে।

পুত্ৰৰ উৎসাহতে কেনেডা নিবাসী কৌৰে ৯৩ বছৰ বয়সত খেলৰ কেৰিয়াৰ আৰম্ভ কৰে। এতিয়ালৈ কৌৰে বিশ্ব পৰ্যায়ৰ মাষ্টাৰ্চ গেমচত ২০ টাৰো অধিক পদক লাভ কৰিছে।

নিজৰ পুত্ৰক দেখি দেখিয়েই এনেদৰে খেলৰ প্ৰতি আগ্ৰহী হৈ পৰা বুলি কৌৰে মন্তব্য কৰে। নিজকে সুস্থ আৰু ফিট ৰাখি ভাল পোৱাৰ কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে।