50
ধিংঃ ৰাজ্যত পুনৰ যৌতুকৰ বাবে এগৰাকী বোৱাৰীয়ে মৃত্যুক সাৱতিবলগা হোৱাৰ ঘটনা পোহৰলৈ আহিছে। নগাঁও জিলাৰ জাজৰিৰ ন মাটিত স্বামীয়ে নিজ পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। শোৱাপাটিত অঞ্জুমনি বৰা নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।
ঘটনা সন্দৰ্ভত ইতিমধ্যে স্বামী অৰূপ বৰাক আটক কৰিছে জাজৰি আৰক্ষীয়ে। অভিযোগ অনুসৰি বহুদিন পৰাই যৌতুক দাবী কৰি অকথ্য নিৰ্যাতন চলাইছিল স্বামী অৰূপে।