55
কাজিৰঙাঃ আজি দিনৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া বোকাখাতৰ নাহৰজান চাহ বাগিচাত লতামাকৰীৰ আক্ৰমণত বিজু মুণ্ডা নামৰ এগৰাকী শ্ৰমিক আহত হয়।
প্ৰাপ্ত তথ্য মতে, আন দিনাৰ দৰে আজিও নাহৰজান বালিজান বাগিচাত বিজু মুণ্ডা শ্ৰমিক হিচাপে কৰ্মৰত অৱস্থাত আছিল। তেনেতে বিয়লি ৪ মান বজাত হঠাৎ এটা লতামাকৰিয়ে আক্ৰমণ কৰি বিজুক আহত কৰে।