72
ৰঙিয়াঃ নিৰ্মাণ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি নিৰ্মাণ শ্ৰমিক সন্থা কামৰূপ জিলা সমিতিয়ে ৰঙিয়াত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
দিনৰ ১১ বজাত নিৰ্মান শ্ৰমিক সন্থা কামৰূপ জিলা সমিতিৰ প্ৰায় শতাধিক কৰ্মী ৰঙিয়া মুৰৰাস্থিত শ্ৰম বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত উপস্থিত হৈ ৰাজ্যৰ শ্ৰম বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি প্ৰতিবাদ সাব্যস্ত কৰে।