মঙলদৈঃ দৰঙৰ লোক সংস্কৃতি, পৰম্পৰা, বৈচিত্ৰ্যময়। নামনি অসমৰ ওজাপালি বুলি ক’লেই দৰং জিলাৰ কথা মনলৈ আহে৷ ব্যাস সংগীত আৰু সুকন্নানী ওজাপালি দৰঙৰ লোকসকলৰ অতিকৈ আপোন। লোক কৃষ্টি-সংস্কৃতি, পৰম্পৰা, গীত-নৃত্যৰে চহকী দৰং জিলা৷
শাস্ত্ৰীয় উপাদানেৰে সমৃদ্ধ সত্ৰীয়া নৃত্য, মঠ মন্দিৰৰ লগত জড়িত নটীনাচ আৰু ওজাপালি আদিয়ো দৰঙৰ লোকে জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে। দৰঙৰ যুৱ-প্ৰজন্ময়ো লোক কৃষ্টি-সংস্কৃতি, পৰম্পৰা, গীত-নৃত্যৰ প্ৰতি আকৰ্ষিত। ইয়াৰ মাজতে যুৱ প্ৰজন্মক নাগাৰা নামৰ আকৰ্ষিত কৰাৰ বাবে অনুষ্ঠিত হৈছে নাগাৰা নামৰ প্ৰশিক্ষণ শিবিৰ।