103
ডিজিটেল ডেস্কঃ ছোৱালীৰ পিছত এইবাৰ ল’ৰাৰ স্বাধীনতাতো হস্তক্ষেপ কৰিবলৈ আগবাঢ়িছে খাপ পঞ্চায়তে। ছোৱালীসকলক নিয়মৰ নাগপাশেৰে বন্দী কৰিবলৈ সদা তৎপৰ হৈ থকাৰ অন্তত উত্তৰ প্ৰদেশৰ খাপ পঞ্চায়তে ল’ৰাকো লক্ষ্য কৰি লৈছে।
ইমান দিনে ছোৱালীসকলে কি পিন্ধিব, ক’লৈ যাব, কি খাব, কেনেদৰে কথা পাতিব, খোজ কাঢ়িব আদি নিৰ্ধাৰণতে ব্যস্ত আছিল খাপ। কিন্তু হঠাৎ সলনি হৈ পৰিছে দেশত আইন থাকিলেও উত্তৰ ভাৰতৰ কেবাখনো ৰাজ্যৰ ভিন্ন অঞ্চলৰ বাবে ‘ছুপ্ৰিম ক’ৰ্ট’ সদৃশ খাপ পঞ্চায়ত।