Home অন্যান্য খবৰবিলাসীপাৰাত বিশ্ব হাত ধোৱা দিৱস

বিলাসীপাৰাত বিশ্ব হাত ধোৱা দিৱস

by News Desk
A+A-
Reset
0a155ecb-e8f8-4251-b145-06c2e0745570

ডিজিটেল ডেক্স, বিলাসীপাৰাঃ সমগ্ৰ বিশ্বৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাতো ভাৰতীয় ৰেডক্রছৰ ছোচাইটিৰ বিলাসীপাৰা জিলা শাখাৰ উদ্যোগত বিশ্ব হাত ধোৱা দিৱস পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি বিলাসীপাৰা আম্বেদকাৰ ভৱন প্ৰাঙ্গণত ১৫ অক্টোবৰ সন্ধিয়া ৫ বজাত ভাৰতীয় ৰেডক্রছ ছোচাইটিৰ বিলাসীপাৰা জিলা শাখাৰ উদ্যোগত বিশ্ব হাত ধোৱা উপলক্ষে মহিলা সকলৰ সজাগতা সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে বিলাসীপাৰা জেষ্ঠ নাগৰিক সন্থাৰ কাৰ্য্যকৰী সভাপতি তথা বিলাসীপাৰা আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতি ৰ সভাপতি শ্ৰীযুত দয়াল পাল ডাঙৰীয়া। 

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় ৰেডক্রছ ছোচাইটিৰ বিলাসীপাৰা জিলা শাখাৰ সভাপতি ডাঃ কানু লাল দাসে বিশ্ব হাত ধোৱা উপলক্ষে বিস্তাৰিত ভাবে ভাষন প্ৰদান কৰি সভাত উপস্থিত থকা মহিলা সকলক বিশ্ব হাতধোৱা দিৱস বিষয়ে অবগত কৰায়। তেওঁ ভাষন প্ৰসংগত কয় যে আগন্তুক দিনত বিশেষকৈ মহিলা সকলে বিজ্ঞান সন্মত ভাবে হাত ধোৱা সম্পৰ্কে সজাগ হ’লেহে সমাজ স্বাস্থ্য সন্মত হ’ব। যিহেতু মহিলাসকলে খাদ্য বস্তু আদি ৰন্ধা বঢ়াৰ কামৰ দায়িত্ব পালন কৰি আহিছে। ৰেডক্রছৰ বিভিন্ন পৰ্য্যায়ৰ কৰ্মী সকলে উপস্থিত থাকি বিশ্ব হাত ধোৱা দিৱস উপলক্ষে বক্তৃতা প্ৰদান কৰি মহিলা সকলক অৱগত কৰে। সভাত ৰেডক্রছৰ কৰ্ম-কৰ্তা সকলৰ লগতে শতাধিক মহিলা উপস্থিত থাকে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0