নাৰায়নপুৰঃ বিশ্বৰ বহু দেশ জনসংখ্যা বৃদ্ধিৰ বাবে চিন্তাত পৰিছে৷ চীন দেশ আমাৰ দেশ ভাৰতৰো জনসংখ্যা বৃদ্ধি চিন্তাৰ এক কাৰণ হৈ পৰিছে৷ বিশ্বৰ বিভিন্ন অনুষ্ঠানে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কাম কৰি আহিছে৷ বিশ্ব জনসংখ্যা নিয়ন্ত্ৰণ পষেকৰ লগত সংগতি ৰাখি ধলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত নৈপৰীয়া জামুগুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত এখন সজাগতা সভা অনুষ্ঠিত হয় উক্ত সভা খনৰ লগতে ধলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ সহযোগত জামুগুৰি অঞ্চলৰ বানাক্ৰান্তৰ বাবে এক বিনামূলীয়া স্বাস্থ্য শিবিৰো অনুষ্ঠিত কৰা হয়।
ধলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীক্ষক ডাঃ প্ৰফুল্ল বৰুৱাৰ অধ্যক্ষতাত সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকর্মী শৈলেন্দ্ৰ নাৰায়ণ ভূঞা, থানেশ্বৰ হাজৰিকা, জামুগুৰি গাঁও পঞ্চায়ত সভাপতি বলিন পেগু, ধলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ শৈলেন্দ্ৰ কলিতা, ডাঃ দিব্যজ্যোতি পাঠক, খণ্ড প্ৰগ্ৰেম মেনেজাৰ নিলাক্ষী শইকীয়া, খণ্ড সম্প্ৰসাৰণ প্ৰশিক্ষক দেৱপ্ৰসাদ শইকীয়া, লখিমপুৰ জিলা পৰিয়াল পৰিকল্পনা সমন্বয়ক চৈতন্য বৰা আদিৰ লগতে নাৰ্ছ, স্বাস্থকর্মী, আশাকর্মী, অঞ্চলটোৰ সচেতন ব্যক্তি, সাধাৰণ ৰাইজ উপস্থিত থাকে।