135
ওৰাংঃ ওদালগুৰি জিলাৰ ওৰাঙত বিজেপি সদস্য বুলি নিজকে চিনাকি দি প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ ঘৰ দিম বুলি ধন সংগ্ৰহত নামিছে এজন ধুৰন্ধৰ যুৱক।
যোৱা ২৩ জুনত ওৰাং লক্ষ্মী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা বলিদান দিৱসৰ লগত সংগতি ৰাখি বিজেপিত নতুন সদস্য ভৰ্তি কাৰ্যসূচীও ৰূপায়ন কৰিছিল বিজেপি যুৱ মৰ্চাই। উক্ত কাৰ্যসূচীত উপযাচি আহি এক অচিনাক্ত যুৱকে যোগদান কৰে।