55
নগাঁওঃ নগাঁও চহৰত পুনৰ বিদ্যুৎস্পৃষ্টৰ ঘটনা৷ লাওখোৱা ৰোডত সংঘটিত হৈছে এই কৰুণ ঘটনা৷ মোবাইল টাৱাৰত কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু৷
মৃত যুৱকজন হৈছে পাথৰিৰ মন্টু বৰা৷ ৰিলায়েন্স কোম্পানীৰ মোবাইল টায়াৰৰ জেনেৰেটৰৰ অপাৰেটৰ আছিল মৃত যুৱকজন৷ মোবাইল টাৱাৰৰ তলত পানী জমা হৈ থকাৰ বাবেই এই অঘটন সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ৷