newsnextone.com | গোৰেশ্বৰঃ কোনো চৰকাৰী আঁচনিৰ প্ৰভাৱ নপৰা এখন গাঁও। তথাপি ৰৈ থকা নাই কৃষি প্ৰধান গাঁও খন৷ প্ৰায় ১০০ ঘৰতকৈ অধিক মানুহেৰে পূৰ্ণ গাঁওখনৰ প্ৰত্যেকজন লোক ব্যস্ত নিজৰ নিজৰ কৃষি কৰ্মত। প্ৰত্যেকঘৰ মানুহৰে আছে ধান খেতি৷ বিঘাই বিঘাই ধান খেতি কৰে প্ৰতিঘৰ মানুহে৷ অতি কষ্টৰে ধান খেতি কৰে যদিও কেতিয়াবা বানে কেতিয়াবা বনৰীয়া হাতীয়ে খেতিয় পথাৰ বিনষ্ট কৰি আহিছে৷
গাঁও খনৰ কেইজনমান যুৱকে কিবা এটা বিপৰীত কৰাৰ বাবে চিন্তা চৰ্চা কৰে৷ ধান খেতিৰে পৰিয়ালটো পোহপাল দিব পাৰে যদিও এটা সুন্দৰ জীৱন অতিবাহিত কৰাটো সম্ভৱপৰ হৈ নুঠে৷ তাৰ পিছতে কেইগৰাকীমান যুৱকে আৰম্ভ কৰিলে খেতি পথাৰত বিকল্প খেতিৰ৷ আৰম্ভ কৰিলে কল খেতি৷ কেইজনমান যুৱকে প্ৰথমে আৰম্ভ কৰে কেইবা বিঘা কল খেতিৰ৷ খেতি ভাল হ’ল ধান খেতিককৈ উপাৰ্জন ভাল হ’ল৷ লাহে লাহে এবিঘাৰ পিছত এবিঘা বঢ়াই গ’ল কল খেতি৷ ক্ৰমান্বয়ে গাঁও খনৰ ইঘৰ পিছত সিঘৰ লোকে কল খেতি কৰিবলৈ আৰম্ভ কৰে৷