বৰক্ষেত্ৰীঃ যোৱা ১৭ দিনে সন্ধান নাই এগৰাকী ৰুগীয়া যুৱকৰ৷ ক’ত হেৰাল যুৱকজন৷ যোৱা ১৭ দিনেই যুৱকজনক বিচাৰি পৰিয়ালে চলাথ কৰিছে গুৱাহাটী মহানগৰী৷ পৰিয়াল আৰু আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰাটো দূৰৈৰ কথা, কোনো শুংসূত্ৰই লাভ কৰিবলৈ সক্ষম হোৱা নাই৷
নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাপোতা গাঁৱৰ গজেন ডেকাৰ পুত্ৰ পংকজ ডেকা (৩৪) যোৱা ১৩ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে৷ জানিব পৰা মতে, বৰুৱাপোতা গাঁৱৰ গজেন ডেকাৰ পুত্ৰ পংকজ ডেকা (৩৪) যোৱা ১৩ জুলাইত চিকিৎসাৰ বাবে গুৱাহাটী মহানগৰীৰ এখন চিকিৎসালয়লৈ আহে।