102
ডিফুঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কৰ্মচাৰী সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা আজি ডিফুৰ চেণ্ট্ৰেল ৰেঞ্জ ফৰেষ্ট আই বিত সন্থাৰ উপ সভাপতি ৰঞ্জিত টেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত হৈ যায়৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ৰূপচিং ৰংহাঙে৷
কাৰ্বি আংলঙ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা সন্থাৰ কাৰ্য নিৰ্বাহকসকল আহি সভাখন অংশগ্ৰহণ কৰি সপ্তম দৰমহা আয়োগ আৰু বকেয়া দৰমহাৰ ওপৰত দীৰ্ঘ আৰু গঠনমূলক আলোচনাৰ অন্তত কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷