61
গোগামুখঃ মঙলবাৰে পুৱাৰ ভাগত ধেমাজি ৰে’লৱে ষ্টেছনৰ সমীপৰ বালিগাৱঁত চিপজৰি লোৱা এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চলৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, উক্ত মৃতদেহটো গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত কলিতা গাঁৱৰ ভবেন্দ্ৰনাথ বৰঠাকুৰৰ পুত্ৰ প্ৰকাশ বৰঠাকুৰ (৩৩)। পথাৰত হাল বাবলৈ যোৱা লোকে মৃতদেহটো দেখা পাই ধেমাজি আৰক্ষীৰ খবৰ দিয়াত আৰক্ষীয়ে ততালিকে উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।