ডিজিটেল ডেস্কঃ দৰং জিলাৰ দুনীত একাংশ আছুৰ নেতা-কৰ্মী আৰু শিক্ষিত যুৱক যুৱতীয়ে মদাহীক দিছে কেকোৰা চেপা৷ আছুৰ নেতা-কৰ্মী আৰু শিক্ষিত যুৱক যুৱতীয়ে মদাহী তথা চুলাই মদ ব্যৱসায়ীক দেখা মাত্ৰকে থিতাতে শাস্তি দিয়াৰ পণ লৈ অভিযান চলাই দিছে কেকোৰা চেপা ৷
সমাজৰ বৰবিহ স্বৰূপ মদ সমাজৰ পৰা বিদায় দিয়াৰ স্বাৰ্থত এই অভিযান চলাইছে আছু আৰু শিক্ষিত যুৱক যুৱতীয়ে৷ মদে দুনীৰ সামাজিক-শৈক্ষিক পৰিবেশ বিনষ্ট কৰাত এই অভিনৱ পন্থা হাতত লোৱা বুলি প্ৰকাশ কৰে অভিযানত নমা যুৱক যুৱতীয়ে৷