“এদিন তুমি পৃথিৱী জয় কৰিব পাৰিবা।’’— মুখত এটা প্ৰশান্তিৰ হাঁহি সানি তাহানিতেই কৈছিল পিতৃ তথা বিংশ শতাব্দীৰ ভাৰতৰ প্ৰখ্যাত তবলাবাদক ওস্তাদ আল্লাৰখাই। তেতিয়া জাকিৰৰ বয়স মাত্ৰ সাত বছৰ। পিতৃৰ মুখৰ এই কথা বুজি পোৱাৰ বয়স নাছিল তেতিয়া তেওঁৰ। কিন্তু এটা আত্মবিশ্বাস যেন তেতিয়াই গঢ় লৈ উঠিছিল বুকুৰ মাজত।
জাকিৰৰ জন্ম যেতিয়া হৈছিল, পিতৃয়ে কোলাত তুলি কাণৰ কাষত তেওঁক আয়াত কোৱা নাছিল, কৈছিল তবলাৰ ছন্দ। পৰিয়ালে এই বিষয়ে সোধাত তবলাবাদক পিতৃয়ে কৈছিল, “তবলাৰ ছন্দই মোৰ জীৱনৰ আয়াত।”
মাত্ৰ তিনি বছৰ বয়সতে তবলাত হাত ফুৰাই জীৱন জীয়াবলৈ শিকা মানুহজনে আমৃত্যু সেই তবলাৰেই মন্ত্ৰমুগ্ধ কৰি ৰাখি থৈ গ’ল সমগ্ৰ বিশ্বক। আৰু তাৰ পিছত এটা যুগৰ অৱসান ঘটনাই সোমবাৰে পুৱা গুচি গ’ল তেওঁ।
বিশ্বৰ প্ৰসিদ্ধ তবলাবাদক তথা গ্ৰেমী বঁটা বিজয়ী ওস্তাদ জাকিৰ হুছেইন আৰু নাই! ৭৩ বছৰ বয়সত আমেৰিকাৰ ছান ফ্ৰান্সিস্কোৰ হাস্পতালত জীৱন নাটৰ যৱনিকা পেলালে এইগৰাকী মহান শিল্পীয়ে। পৰিয়ালে জানিবলৈ দিয়া মতে, দেওবাৰে স্বাস্থ্যৰ অৱনতি ঘটাত জাকিৰ হুছেইনক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। ইয়াৰ পিছতে সোমবাৰে পুৱা শেহ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।
উল্লেখ্য যে, সীমাৰ পৰিধি ভাঙি সংগীতৰ জৰিয়তে সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল ওস্তাদ জাকিৰ হুছেইনে। শাস্ত্ৰীয় সংগীতৰ পৰা আৰম্ভ কৰি ফিউজন আৰু আন্তঃৰাষ্ট্ৰীয় সংগীতলৈ, তেওঁৰ অৱদান চিৰদিন অবিস্মৰণীয় হৈ ৰব। মিকি হাৰ্ট আৰু জিওভানি হিডালগোৰ সৈতে তেওঁৰ "গ্ল'বেল ড্ৰাম প্ৰজেক্ট"ৰ সহযোগিতাই বিশ্ব সংগীতৰ ধাৰাৰ ক্ষেত্ৰত এক নতুন দিশ মুকলি কৰিছিল।
ওস্তাদ হুছেইনে ৭ বাৰ গ্ৰেমী বঁটাৰ বাবে মনোনীত হৈছিল আৰু ৪ বাৰ এই সন্মান লাভ কৰিছিল। ২০০৯ চনত তেওঁ ‘গ্ল'বেল ড্ৰাম প্ৰজেক্ট’ৰ বাবে গ্ৰেমী বঁটা লাভ কৰে। অন্যহাতে ২০২৪ চনত তেওঁ শ্ৰেষ্ঠ সমসাময়িক বাদ্যযন্ত্ৰ এলবাম, শ্ৰেষ্ঠ গ্ল'বেল সংগীত এলবাম আৰু শ্ৰেষ্ঠ গ্ল'বেল সংগীত পৰিবেশনৰ বাবে ৩টা গ্ৰেমী বঁটা লাভ কৰি এক ইতিহাস ৰচনা কৰে।
তেওঁৰ বিয়োগৰ খবৰে আজি মৰ্মাহত কৰিছে বিশ্বৰ সংগীত জগতখনক। তবলাৰ বোলেৰেই পৃথিৱী জিনা এইগৰাকী মহান শিল্পীক শ্ৰদ্ধাঞ্জলি জনাইছে সংগীত জগতৰ বহু শিল্পী আৰু নেতাই। জাকিৰ হুছেইনক সংগীতৰ প্ৰকৃত ৰাষ্ট্ৰদূত হিচাপে অভিহিত কৰা হৈছিল আৰু তেওঁৰ অভূতপূর্ব সৃষ্টিৰ বাবে লাখ লাখ সংগীতপ্ৰেমী অনুপ্ৰাণিত হৈছে।
জাকিৰ হুছেইন: শৈশৱ আৰু সংগীত, পদ্মশ্ৰীৰ পৰা পদ্ম বিভূষণলৈ এক সাফল্যৰ যাত্ৰা
১৯৫১ চনৰ ৯ মাৰ্চত মহাৰাষ্ট্ৰৰ এক সৰু পৰিয়ালত জন্মলাভ কৰিছিল জাকিৰ হুছেইনে। পিতৃ ওস্তাদ আল্লাৰখা আৰু মাতৃ বাওৱী বেগমৰ সুৰময় পৰিৱেশত ডাঙৰ হোৱা জাকিৰৰ হাতত পিতৃয়ে মাত্ৰ ৩ বছৰ বয়সতে তুলি দিছিল তবলা। প্ৰথম সংগীতৰ পাঠ পিতৃ তথা প্ৰসিদ্ধ তবলাবাদক ওস্তাদ আল্লাৰখাৰ পৰাই লাভ কৰিছিল তেওঁ, আৰু পৰৱৰ্তী সময়ত ওস্তাদ লতিফ আহমেদ খান আৰু ওস্তাদ বিলায়ত হুছেইন খানৰ পৰাও তেওঁ তবলাৰ শিক্ষা লাভ কৰিছিল।
মাত্ৰ ১২ বছৰ বয়সত তেওঁ মঞ্চত প্ৰথমটো পেছাদাৰী শ্ব’ কৰি আৰম্ভ কৰে সংগীতৰ যাত্ৰা। তেওঁৰ সেই প্ৰথমটো শ্ব’ৰ বাবে লাভ কৰিছিল এশ টকা। সেই আৰম্ভণিৰ পৰা তীব্ৰগতিত আগবাঢ়ে জাকিৰ হুছেইনৰ সংগীতৰ যাত্ৰা, শাস্ত্ৰীয় সংগীতৰ লগতে পশ্চিমী সংগীতৰ সংমিশ্ৰণৰ মাধ্যেমে এক নতুন শৈলী সৃষ্টি কৰে। মিকি হাৰ্ট আৰু জন মেকলাফলিনৰ সৈতে কাম কৰি "শক্তি" নামৰ বেণ্ডৰ সৃষ্টি কৰে।
তেওঁৰ তবলাৰ শ্ৰেষ্ঠতা কেৱল শাস্ত্ৰীয় সংগীতত সীমাবদ্ধ নহ’ল। "বাৱৰচী", "সত্যম শিৱম সুন্দৰম", "হীৰ-ৰাঞ্জা", "সাজ" আদি চলচ্চিত্ৰত তেওঁৰ সংগীতৰ সৃষ্টিৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান গঢ়ি তোলে। ২০০৯ চনত 'গ্ল'বেল ড্ৰাম প্ৰজেক্ট'ৰ বাবে গ্ৰেমী বঁটা লাভ কৰে।
শৈশৱৰ কাহিনীঃ প্ৰথম ছন্দপাঠ
পিতৃ ওস্তাদ আল্লাৰখাৰ পৰা লাভ কৰা সংগীতৰ প্ৰথম শিক্ষা জাকিৰৰ বাবে সহজ নাছিল। এক সাক্ষাত্কাৰত জাকিৰ হুছেইনে কয়, “পিতৃ হিচাপে তেওঁ মৰমীয়াল আছিল, কিন্তু এগৰাকী শিক্ষক হিচাপে তেওঁ অত্যন্ত কঠোৰ আছিল। কিন্তু আজি মই যি, সেয়া মোৰ পিতৃৰ পৰিশ্ৰমৰ ফল।”
সৰুৰ এটা ঘটনা। মাত্ৰ পাঁচ বছৰীয়া জাকিৰে যেতিয়া তবলাত হাত বুলাইছিল, তেতিয়া দেউতাকে কঠোৰভাৱে ক'লে, "তবলাক মিছা নকবা। যি বজাবা, হৃদয়ৰ পৰা বজাবা।" এই বক্তব্যই কণমানি জাকিৰক এনেদৰে প্ৰভাৱিত কৰিছিল যে সেইদিনাৰ পৰাই তেওঁৰ তবলাৰ প্ৰতি ভক্তি আৰম্ভ হৈছিল।
কিন্তু শৈশৱ কেৱল সুৰ আৰু ছন্দ শিকাতে সীমাবদ্ধ নাছিল। জাকিৰ হুছেইনে কয়, “সৰুতে দুষ্টামি কৰিছিলো। সমনীয়াৰ সৈতে খুব উত্পাট কৰিছিলো। এবাৰ স্কুলৰ পৰা উভতি আহি ভোকত পাকঘৰৰ বিস্কুটৰ টেমাৰ পৰা বিস্কুট চুৰি কৰি খাইছিলো। দেউতাই গম পাই ১০ ঘণ্টা তবলাৰ অনুশীলনৰ শাস্তি দিছিল। সেই কঠোৰ অনুশাসনে মোক ভৱিষ্যতৰ বাবে সাজু কৰি তুলিছিল।”
শৈশৱত সংগীত আৰু অনুশাসনৰ সমন্বয় আছিল অতুলনীয়। পিতৃয়ে কেৱল সংগীত শিকোৱাই নহয়, জীৱনৰ দৰ্শনৰো বীজ সিঁচিছিল। কিছু বছৰ পূৰ্বে এক সাক্ষাত্কাৰত জাকিৰ হুছেইনে কৈছিল, “সংগীত কেৱল প্ৰতিভাৰ কথা নহয়, ধৈৰ্য্য আৰু নিষ্ঠাৰ কথা।” জাকিৰে সেই শিক্ষাক সম্পূৰ্ণৰূপে আঁকোৱালি লৈছিল।
তেওঁ কয়, "মোৰ দেউতা মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক আছিল। তেওঁ কেৱল সংগীত শিকোৱাই নহয়, জীৱনত অনুশাসন আৰু আবেগৰ গুৰুত্বও শিকাইছিল। এই শিক্ষাই আজিও মোক জীৱনৰ দিক নিৰ্ণয়ত সহায় কৰি আহিছে।”
মঞ্চৰ প্ৰথম অভিজ্ঞতাঃ এনেদৰে তবলাবাদক হৈ পৰিছিল জাকিৰ
১৯৫৯ চনৰ কথা। মাত্ৰ ১০ বছৰীয়া জাকিৰে পিতৃৰ সৈতে গৈছিল এক সংগীতানুষ্ঠানলৈ। সেইদিনা অনুষ্ঠানৰ মূল তবলাবাদকজন অনুপস্থিত আছিল। পৰিস্থিতি নিৰাময় কৰিবলৈ দেউতাকে ঘোষণা কৰিলে, "মোৰ ল'ৰাই আজি তবলা বজাব।"
এই ঘোষণাৰ পিছতে স্তম্ভিত হৈ পৰিছিল দৰ্শক। ইমান ডাঙৰ মঞ্চত এটা ১০ বছৰীয়া ল’ৰাই কৰিব কি? কিন্তু জাকিৰ হুছেইনে মঞ্চলৈ আহি যেতিয়া তবলাত হাত ফুৰালে, নিস্তব্দ হৈ পৰে সমগ্ৰ পৰিৱেশ। কণমানি জাকিৰৰ হাতৰ যাদুৱে সেইদিনা সন্মোহিত কৰে উপস্থিত প্ৰতিজন দৰ্শকক। সেই অনুষ্ঠানটোৱে জাকিৰৰ হৃদয়ত এক আত্মবিশ্বাসৰ সঞ্চাৰ কৰিছিল। তেওঁ উপলব্ধি কৰিছিল, সংগীতেই তেওঁৰ জীৱনৰ প্ৰকৃত পথ।
কিন্তু এয়া কাহিনীৰ আৰম্ভণিহে মাথোঁ। সেই অনুষ্ঠানৰ পিছত ক্ৰমান্বয়ে সংগীত জগতখনত পৰিচিতি লাভ কৰিবলৈ আৰম্ভ কৰে জাকিৰ হুছেইনে। আৰু মাত্ৰ ১২ বছৰ বয়সতে ১০০ টকা মাননিৰ বিনিময়ত তেওঁ কৰে জীৱনৰ প্ৰথমটো পেছাদাৰী শ্ব’। জাকিৰে কয় যে, প্ৰতিটো পৰিবেশনৰ পূৰ্বে তেওঁ নাৰ্ভাছ হৈ পৰিছিল যদিও তবলাৰ প্ৰতি থকা অপৰিসীম প্ৰেমে তেওঁক প্ৰতিবাৰেই আত্মবিশ্বাসী কৰি তুলিছিল।
প্ৰথম মঞ্চ অভিজ্ঞতাৰ পিছত জাকিৰে উপলব্ধি কৰিলে যে মঞ্চখন তেওঁৰ জীৱনৰ এটা অংশ হৈ পৰিব। তাৰ পিছৰ বছৰবোৰত তেওঁ বিভিন্ন ৰাজ্য আৰু বিদেশত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে। প্ৰতিটো পৰিৱেশনতে তেওঁ নতুন কিবা এটা যোগ কৰিবলৈ চেষ্টা কৰিছিল, যাৰ ফলত সংগীত জগতখনত তেওঁ এক পৃথক নাম হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হয়।
পিতৃ-পুত্ৰৰ সম্পৰ্ক, কঠোৰতা আৰু প্ৰেমৰ সংমিশ্ৰণ
ওস্তাদ আল্লাৰখা আৰু জাকিৰ হুছেইনৰ মাজৰ সম্পৰ্ক আছিল গভীৰ, কিন্তু কঠোৰ। আল্লাৰখাহে বিচাৰিছিল যে তেওঁৰ পুত্ৰ শ্ৰেষ্ঠ হওক, গতিকে তেওঁ কোনো ধৰণৰ ৰেহাই দিয়া নাছিল। ইয়াৰ বাবে তেওঁক পৰিয়ালৰ লোকেই কেতিয়াবা খং কৰিছিল। এবাৰ জাকিৰে সংগীতৰ পৰীক্ষাত ভুল কৰাত দেউতাকে তেওঁক ১২ ঘণ্টা ধৰি অনুশীলন কৰিবলৈ নিৰ্দেশ দিছিল।
সাক্ষাত্কাৰৰ সময়ত জাকিৰে কয়, "মই তেতিয়া ভাবিছিলো যে মোৰ দেউতাই মোক ভাল নাপায়। কিন্তু এতিয়া বুজিছো যে তেওঁৰ কঠোৰতাই মোক পৃথিৱীৰ আদালতলৈ লৈ আহিছিল।"
এই সম্পৰ্কৰ এটা মিঠা দিশো আছিল। দেউতাকৰ লগত তবলা বজাই থাকোঁতে জাকিৰে কেতিয়াবা এনেকুৱা ছন্দ পৰিবেশন কৰিছিল যে আল্লাৰখাকো আচৰিত কৰি তুলিছিল। পিতৃয়ে পুত্ৰৰ ফালে চাই হাঁহি এটা মাৰি সন্তোষ ব্যক্ত কৰিছিল তেতিয়া। সেই হাঁহিটোৱেই আছিল জাকিৰৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ।
জীৱনৰ প্ৰতিটো পৰ্যায়তে তেওঁ দেউতাকৰ পৰা শিকিছিল জীৱনৰ প্ৰতিকূলতাক কেনেকৈ জয় কৰিব পাৰি। জাকিৰ হুছেইনে কয়, “দেউতাই সদায় কৈছিল- প্ৰতিটো ভুলে তোমাক নতুন কিবা এটা শিকাব। গতিকে ভুললৈ ভয় নকৰিবা।” এই উপদেশে জাকিৰৰ মনত এক চিৰস্থায়ী চাপ সৃষ্টি কৰিছিল।
জাকিৰৰ মতে, পিতৃৰ শিক্ষাই তেওঁক কেৱল সংগীতৰ ক্ষেত্ৰতে নহয়, জীৱনৰ প্ৰতিটো দিশতে সহায় কৰিছে। তেওঁ কয়, “মোৰ জীৱনৰ প্ৰতিটো কৃতিত্ব মোৰ পিতৃৰ বাবে উৎসৰ্গিত।”
আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ উত্থানঃ তবলাৰ নতুন ভাষা
১৯৭০ চনত জাকিৰ হুছেইনে তবলাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যায়। তেওঁৰ প্ৰথম বিদেশ ভ্ৰমণ আছিল আমেৰিকালৈ। তাত অনুষ্ঠিত হোৱা সংগীত উৎসৱত জাকিৰে ভঙা ভঙা ইংৰাজীত কৈছিল, "মোৰ ইংৰাজী ভাল নহয়, কিন্তু মোৰ তবলাই ভালকৈ কথা কব জানে।" এই সহজ বক্তব্যই সেইদিনা দৰ্শকৰ মন জয় কৰিছিল।
তেতিয়াও তবলা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এটা অংশ হিচাপেহে পৰিচিত আছিল। কিন্তু জাকিৰে তবলাক নতুন ৰূপ প্ৰদান কৰে। তেওঁ তবলাক জাজ, পপ, ফিউজন সংগীতত ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তোলে। তেওঁ প্ৰতিষ্ঠা কৰা ‘শক্তি’ বেণ্ডটোৰ জৰিয়তে ভাৰতীয় সংগীত আৰু জাজৰ এক অনন্য সংমিশ্ৰণৰ সৃষ্টি হয়।
শক্তি বেণ্ডৰ প্ৰথম অনুষ্ঠান আছিল লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত। সেইদিনা দৰ্শকে প্ৰথমবাৰৰ বাবে দেখা পাইছিল কিদৰে ভাৰতীয় তবলাই পাশ্চাত্য সংগীতৰ লগত খাপ খাব পাৰে। সেই সময়ত শক্তি বেণ্ড আছিল এক বিপ্লৱ।
কিন্তু জাকিৰৰ সৃষ্টিশীলতা ইয়াতেই ক্ষান্ত নাছিল। তেওঁ জৰ্জ হেৰিছন, মিক জেগাৰ, জন মেকলাফলিন আদি বিশ্বৰ শিল্পীৰ সৈতে কাম কৰে। যাৰ ফলত লাহে লাহে তেওঁৰ তবলা নতুন প্ৰজন্মৰ বাবে সংগীতৰ এক নতুন ভাষা হিচাপে পৰিগণিত হয়। এনে কাৰণতে জাকিৰ হুছেইনৰ নাম বিশ্বৰ শ্ৰেষ্ঠ সংগীত মহোৎসৱৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। তেওঁৰ পৰিৱেশন কেৱল সংগীত নাছিল, আছিল আৱেগৰ মঞ্চও।
তবলা সুৰৰ নতুন ৰংঃ জাকিৰ হুছেইনৰ পছন্দৰ সংকলন আৰু শিল্পৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেম
জাকিৰ হুছেইন কেৱল সংগীতৰ জগতখনতে সীমাবদ্ধ নাথাকিল, তেওঁ আছিল বিভিন্ন ভাল লগা সামগ্ৰীৰ সংগ্ৰাহক। এফালে তবলা আৰু সংগীতৰ প্ৰতি আছিল তেওঁৰ চিৰস্থায়ী প্ৰেম আৰু আনফালে আছিল কলাৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ। আশীৰ দশকৰ শেষৰ ফালে তেওঁ বিভিন্ন প্ৰাচীন শিল্পকৰ্ম বিশেষকৈ চিত্ৰকলা আৰু হস্তশিল্প সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ মতে সংগীতে যেনেকৈ চকুলো, হাঁহি, দুখ, আনন্দ, প্ৰেম প্ৰকাশ কৰে, শিল্পইও জীৱনৰ অন্তৰ্নিহিত অনুভূতি প্ৰকাশ কৰে।
জাকিৰ হুছেইনে নিজেই এটা সৰু সংগ্ৰহালয় সৃষ্টি কৰিছিল, য’ত বহুতো প্ৰাচীন আৰু আধুনিক শিল্পকৰ্ম আছিল। তেওঁৰ সংগ্ৰহত ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰাগত চিত্ৰ, সৰু সৰু মাটিৰ মূৰ্তি, কাঠৰ ভাষ্কৰ্য্য, আনকি সেই সময়ৰ বিখ্যাত শিল্পীসকলৰ কৰ্মও আছিল। তেওঁ এটা সাক্ষাৎকাৰত কয়, “শিল্প মোৰ বাবে প্ৰকাশৰ এক মাধ্যম, য’ত আৱেগৰ গভীৰতা আৰু সংগীতৰ দৰে অনুভৱ থাকে।” তেওঁৰ সংগ্ৰহত কিছুমান বিখ্যাত শিল্পীৰ কৰ্মৰাজি সন্নিবিষ্ট কৰা হৈছে, যিবোৰ তেওঁৰ সংগীত জীৱনৰ দৰেই সময়ৰ সোঁতত হেৰাই যোৱাৰ পিছতো জীয়াই আছে।
তেওঁৰ শিল্পপ্ৰেম যিমান গভীৰ আছিল সিমানেই গভীৰ আছিল সংগীতৰ প্ৰতি থকা ভক্তি আৰু মনোযোগ। তেওঁ শিল্পৰ প্ৰতি থকা অনুভৱবোৰ এনেদৰে প্ৰকাশ কৰিছিল যিটো তেওঁৰ সংগীততো প্ৰতিফলিত হৈছিল। এবাৰ তেওঁ কৈছিল, “কোনো শিল্পকৰ্ম দেখিলে সংগীতৰ দৰে অনুভৱ হয়। প্ৰতিটো শাৰী, প্ৰতিটো ৰঙে যেন এটা সুৰৰ সৃষ্টি কৰিছে।” তেওঁৰ দৃষ্টিশক্তি আছিল অনন্য আৰু শিল্পৰ প্ৰতি তেওঁৰ প্ৰেম কেৱল এটা হেঁপাহ নাছিল, বৰঞ্চ ই তেওঁৰ সংগীতকো সমৃদ্ধ কৰিছিল।
তেওঁৰ সংগ্ৰহত প্ৰাচীন সামগ্ৰী আৰু আধুনিক শিল্পকৰ্ম দুয়োটা আছিল, যিয়ে তেওঁৰ সৃষ্টিশীলতাৰ এটা নতুন দিশ উন্মোচন কৰিছিল। জাকিৰ হুছেইনে নিজেও কেতিয়াবা সংগীতৰ সমান্তৰালকৈ ছবি আঁকিছিল যদিও সেয়া আছিল তেওঁৰ নিজৰ ব্যক্তিগত কথা। তেওঁ কয়, “চিত্ৰ অংকন বা শিল্প সংগ্ৰহ কৰাটো এনে এক প্ৰক্ৰিয়া যিয়ে মোক জীৱনৰ গভীৰ দিশবোৰ চাবলৈ সহায় কৰে।” তেওঁৰ সংগীতৰ দৰেই শিল্পৰ প্ৰতি থকা প্ৰেমে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
শেষ সুৰত জীৱনৰ অমৰ ছন্দঃ খহি পৰিল এটা ভোটা তৰা
ওস্তাদ জাকিৰ হুছেইনৰ জীৱনৰ শেষৰ কেইটামান বছৰ শাৰীৰিকভাৱে প্ৰত্যাহ্বানজনক হৈ পৰিছিল। তেওঁ গুৰুতৰ ৰোগত আক্ৰান্ত হৈছিল যদিও তবলাৰ প্ৰতি তেওঁৰ প্ৰেম ইমানেই গভীৰ আছিল যে শেষ দিনলৈকে তেওঁ অনুশীলন কৰি থাকিল।
২০২৪ চনৰ মাৰ্চ মাহত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত হৈছিল তেওঁৰ জীৱনৰ শেষৰটো কনচাৰ্ট। সেইদিনাৰ আৱেগময় পৰিৱেশৰ পূৰ্বে জাকিৰ হুছেইনে মঞ্চত উঠি কয়, "তবলা মোৰ আত্মাৰ সুৰ। যেতিয়ালৈকে মোৰ আঙুলিবোৰ থাকিব, মই বজাই থাকিম।"
সেয়াই যেন আছিল তেওঁৰ জীৱনৰ বিদায়ী সুৰ। তাৰ পিছতে দেওবাৰে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিত্সাধীন অৱস্থাত দেওবাৰে তেওঁৰ বিয়োগৰ ভুৱা খবৰত শ্ৰদ্ধাঞ্জলি জনায় বহু ৰাজনীতিবিদেও। পিছত পৰিয়ালৰ লোকে সেই খবৰ ভুৱা বুলি স্পষ্ট কৰি দিয়ে। কিন্তু সোমবাৰে পুৱা সঁচাকৈয়ে বিদায় মাগে এই মহান শিল্পীগৰাকীয়ে।
উল্লেখ্য যে, জীৱনৰ শেষৰ ফালেও তেওঁ নতুন প্ৰজন্মক উৎসাহিত কৰিবলৈ পাহৰা নাছিল ওস্তাদ জাকিৰ হুছেইনে। এটা সাক্ষাৎকাৰত তেওঁ কয়, “তবলাক কেৱল বজোৱাৰ বাদ্য হিচাপে নহয়, জীৱন বুজি পোৱাৰ মাধ্যম হিচাপেও চাওক। ইয়াৰ পৰা যি আনন্দ পোৱা যায় সেয়া অতুলনীয়।"
জাকিৰ হুছেইন আজি শাৰীৰিকভাৱে আমাৰ লগত নাই যদিও তেওঁৰ সংগীত চিৰদিনৰ বাবে জীয়াই থাকিব। তেওঁৰ প্ৰতিটো পৰিবেশন, প্ৰতিটো ৰাগ, প্ৰতিটো ছন্দই আমাক অপৰিসীম অনুপ্ৰাণিত কৰে।
শোকবিহ্বল সমগ্ৰ বিশ্ব!
ওস্তাদ জাকিৰ হুছেইনৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে দেশ তথা সমগ্ৰ বিশ্বৰ তেওঁৰ অনুৰাগীসকলক। এই অকল্পনীয় খবৰে ব্যথিত কৰিছে ভাৰতৰ শীৰ্ষ ৰাজনৈতিক ব্যক্তি, উদ্যোগপতি আৰু শিল্পীসকলকো। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এক্সত শোক প্ৰকাশ কৰি কয়, "ওস্তাদ জাকিৰ হুছেইনৰ বিয়োগ দেশৰ সংগীত আৰু কলা খণ্ডৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ অৱদান আৰু নিষ্ঠা চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব।"
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শোক বাৰ্তাত কয়, "ওস্তাদ জাকিৰ হুছেইন জীৰ বিয়োগ সংগীত জগতৰ বাবে এক বৃহৎ ক্ষতি। তেওঁৰ শিল্পৰ উত্তৰাধিকাৰ আমাৰ স্মৃতিত চিৰদিন জীয়াই থাকিব।" কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, "ওস্তাদ জাকিৰ হোছেইনৰ মৃত্যু ভাৰত আৰু বিশ্বৰ বাবে এজন সাংস্কৃতিক প্ৰতিভাৰ ক্ষতি। তেওঁৰ অসংখ্য সন্মান তেওঁৰ শিল্পৰ প্ৰতি অৱদানৰ প্ৰমাণ।"
আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে শোক প্ৰকাশ কৰি কয়, "পৃথিৱীয়ে আজি এনে এক ছন্দ হেৰুৱাই পেলাইছে যাৰ ঠাই কেতিয়াও ল'ব নোৱাৰি। ওস্তাদ জাকিৰ হুছেইনৰ তবলাৰ সুৰে চিৰদিনৰ বাবে ভাৰতৰ আত্মাত প্ৰতিধ্বনিত হৈ থাকিব।" এম এণ্ড এম গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই কয় যে আজি ভাৰতৰ ছন্দ স্তব্ধ হৈ গৈছে। আৰ পি জি এণ্টাৰপ্ৰাইজৰ অধ্যক্ষ হৰ্ষ গোৱেংকাই কয় যে ভাৰতে আজি তবলাৰ সম্ৰাটক হেৰুৱাইছে যদিও তেওঁৰ ছন্দ চিৰদিনৰ বাবে অনুৰণন ঘটি থাকিব।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱেও ওস্তাদ জাকিৰ হুছেইনৰ মৃত্যুত শোক প্ৰকাশ কৰে। যোগীয়ে কয় যে সংগীত জগতৰ বাবে এয়া এক অপূৰণীয় ক্ষতি। অখিলেশে কয়, "এয়া দেশৰ সংগীত জগতৰ বাবে এক বৃহৎ ক্ষতি।" ইফালে শশী থাৰুৰে শোক প্ৰকাশ কৰি কয়, "ওস্তাদ জাকিৰ হুছেইনৰ বিয়োগ অতি দুখজনক। তেওঁৰ প্ৰতিভা আৰু সংগীতক মই সন্মান কৰো।"
সংগীতশিল্পী এ আৰ ৰহমানে তেওঁৰ এক্স হেণ্ডেলত ওস্তাদ জাকিৰ হুছেইনৰ বিষয়ে শোক বাৰ্তাত লিখিছে- "জাকিৰ ভাই আছিল প্ৰেৰণাৰ অমল উৎস, এজন মহান ব্যক্তি যিয়ে তবলাক বিশ্বব্যাপী জনপ্ৰিয় কৰি তুলিছিল। তেওঁৰ মৃত্যু আমাৰ সকলোৰে বাবে এক অপূৰণীয় ক্ষতি। মই আজি অনুশোচনা কৰিছো যে তেওঁৰ সৈতে মোৰ কাম কৰাৰ সৌভাগ্য নহ’ল। আমি সুযোগ নাপালো, যদিও আমি একেলগে এটা এলবামৰ পৰিকল্পনা কৰিছিলো।"