বিহালীঃ বিহালী বিধানসভা সমষ্টিৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ জিনজিয়া বাসীৰ জীৱনক লৈ উদ্ভৱ হৈছে ব্যাপক সংশয়ৰ। বৃহত্তৰ জিনজিয়া অঞ্চলৰ খোৱাপানীৰ বিশুদ্ধতাৰ বিষয়টোক লৈ বৰ্তমান উদ্ভৱ হৈছে এক ডাঙৰ প্ৰশ্নচিহ্নৰ। জিনজিয়াৰ ৰাইজে বৰ্তমান সেৱন কৰিব লগীয়া হৈছে সেৱনৰ অনুপযুক্ত খোৱাপানীৰ।
য়েছ ওৱান এন্টাৰপ্ৰাইজ বিশুদ্ধ খোৱা পানী শোধনকাৰী আহিলা যোগানধাৰী সন্থাটোৰ পৰিচালন সঞ্চালক সুশান্ত কৰৰ উদ্যোগত খোৱা পানীৰ বিশুদ্ধতা নিৰূপন কৰা বিশেষ দলটোৱে জিনজিয়াৰ বিভিন্ন স্থানত ইলেক্ট্ৰলাইজাৰৰ সহযোগত চলোৱা সমীক্ষা অনুসৰি বৃহত্তৰ জিনজিয়াৰ অধিকাংশ স্থানৰে খোৱাপানী সেৱনৰ অনুপযুক্ত।