গুৱাহাটীঃ  অ'লা-উবেৰৰ জনপ্ৰিয়তাৰ পিছতে এইবাৰ মহানগৰীলৈ আহিছে জুমকাৰ। ভাৰতৰ প্ৰথমটো ১০০ শতাংশ স্বয়ং-চালনা বাহন ভাড়া দিয়া কোম্পানীটোৱে দেশৰ বিভিন্ন ঠাইত জনপ্ৰিয় অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পিছতেই অসমতো সেৱা অাগবঢ়াবলৈ অাহিছে।

উল্লেখ্য যে, ২০১৩ চনত স্থাপন হোবা এই কোম্পানীটো বৰ্তমান পৰ্যন্ত দেশৰ ২০খন চহৰত সুচাৰুৰূপে কাম সেৱা আগবঢ়াবলৈ সমৰ্থ হৈছে। সম্প্ৰতি কোম্পানীটোত ৩৫০০ৰ অধিক বাহনে গ্ৰাহকক সেৱা আগবঢ়াই আহিছে।

এই বাহনসমূহৰ ভিতৰত আছে ফ'ৰ্ড, ফিগো, ছুইফট, বেলিন', জেজৰ পৰা অাৰম্ভ কৰি একাধিক ছেদান বাহন। ফ'ৰ্ড এম্পায়াৰ অাৰু হোণ্ডা চিটিৰ দৰে বাহনো কোম্পানীটোৱে গ্ৰাহকক যোগান ধৰি আহিছে।গ্ৰাহকসকলে ইক'স্পৰ্ট, ক্ৰেটা মহিন্দ্ৰা স্ক'ৰ্পিঅ অাৰু এক্স ইউ ভিৰ দৰে গাড়ীও লাভ কৰিব। ফ'ৰ্ড এণ্ডেভ'ৰ, মাৰ্চিডিজ, অ'ডি কিউ থ্ৰীৰ দৰে বিলাসী বাহনো গ্ৰাহকসকলক যোগান ধৰাৰ ব্যৱস্থা কৰি আহিছে প্ৰতিষ্ঠানটোৱে।

প্ৰতিঘণ্টাত ৭০ টকাৰ প্ৰাৰম্ভিক দৰত বাহনসমূহ বুক কৰিব পাৰিব গ্ৰাহকে। কোম্পানীৰ তৰফৰ পৰা প্ৰতিঘণ্টাত ৫ কিলোমিটাৰ দূৰত্বৰ বাবে ইন্ধন দিয়ে যদিও এইটো পেকেজ গ্ৰাহকে গ্ৰহণ নকৰিলে প্ৰতিঘণ্টাত ১০ টকাৰ পৰা ১৫ টকাৰ পেকেজো গ্ৰহণ কৰিব পাৰে।

প্ৰতিষ্ঠানটোৰ সূত্ৰই সদৰী কৰা মতে, জুম কাৰৰ প্ৰতিখন বাহনেই জি পি এছৰ দ্বাৰা পৰিচালিত লগতে অাটাইবোৰ বাহনৰেই অাছে সৰ্বভাৰতীয় বাহন চালনৰ অনুজ্ঞা, কৰ অাৰু বীমা।

গুৱাহাটীত এই সেৱা আজি আনুষ্ঠানিকভাৱে মুকলি কৰি জুমকাৰৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া গ্ৰেগ মৰাণে অসমৰ ৰাইজে এই সেৱাক আদৰি ল'ব বুলি জনায়। গুৱাহাটীত সেৱা আৰম্ভ কৰাৰ  ৮ দিনতে ১৫০ ৰো অধিক বুকিং লাভ কৰিবলৈ সমৰ্ত হৈছে বুলিও তেওঁ উল্লেখ কৰে।

প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তাসকলে জনোৱা মতে গ্ৰাহকসকলে জুমকাৰৰ ৱেবছাইট www.zoomear.com বা মোৱাইল এপ্লিকেশ্যন অাৰু জুম অাউটৰ যোগেদি ততালিকে এখন বাহন বুক কৰিব পাৰিব। জুম এছ'চিয়েট প্ৰগ্ৰেমৰ জৰিয়তে গ্ৰাহকৰ যাত্ৰা আৰমদায়ক কৰি তোলাত জুমকাৰে কোনো কৃপণালি নকৰে বুলিও সদৰী কৰে কৰ্মকৰ্তাসকলে।