ৰঙিয়াঃ ৰঙিয়াৰ তুলসীবাৰীত থকা ৰাজ্যৰ একমাত্ৰ বস্ত্ৰ উদ্যোগ এপ’ল মিললৈ ৰাজ্য চৰকাৰে ৯ কোটি ৩৫ লাখ টকাৰ অনুদান আগবঢ়াইছে। আজি জনতা ভৱনৰ (এ) ব্লকত এপ’ল সম্পৰ্কত বহা এক আলোচনাৰ পিছত ৰাজ্য চৰকাৰৰ ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব কে কে মিট্টালে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
উল্লেখ্য যে, এপ’ল মিলটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত তাত কৰ্মৰত প্ৰায় ৪৫০ গৰাকী শ্ৰমিক কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰি ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছিল। পথ অৱৰোধ, মন্ত্ৰী-বিধায়কৰ পুত্তলিকা দাহ আদিৰ লগতে মিল চৌহদত নমামী অসম চৰকাৰ কাৰ্যসূচী ৰূপায়ণ কৰি মন্ত্ৰী বিধায়কক সুমতি দিয়াৰ বাবে অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰিছিল।