56
নাওবৈচাঃ দুদিনীয়া কাৰ্যসূচীৰে অহা ১৮ মে’ পৰা নাওবৈচাৰ দ’লহাট বজাৰ আৰু দাঁতিকাষৰীয়া জনগোষ্ঠীয় ৰাইজৰ একত্ৰিত সন্মিলিত বিহু মঞ্চ ‘গামোচা’ই উদযাপন কৰিব ৰঙালী বিহু।
বিহুৰ এই কাৰ্যসূচীৰ বাবে দ’লহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ভৰালীৰ মুখ্য পৃষ্ঠপোষকতাত প্ৰবীণ হাজৰিকাক সভাপতি, ধনকুমাৰ দত্ত আৰু ৰামচৰণ শইকীয়াক যুটীয়া সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হয়।