গুৱাহাটীঃ অসমৰ সৰ্বস্তৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশীকৰণৰ দাবীত আজি দিশপুৰ লাষ্টগেট উত্তাল কৰে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই। সুদীৰ্ঘ ২০-২৫ বছৰ ধৰি বিনা বেতনে শিক্ষাদান কৰি অহা প্ৰাদেশীকৰণৰ পৰা বঞ্চিত প্ৰায় ৪৫ হাজাৰ শিক্ষক কৰ্মচাৰীক বৰ্তমান বিজেপি চৰকাৰৰ ক্ষমতাশালী শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বঞ্চনাৰ প্ৰতিবাদত আজি সংস্থাটোৱে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।
অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান আইন ২০১১ আৰু সংশোধনী ২০১২ৰ অধীনত অগ্ৰাহ্য হোৱা সমূহ শিক্ষানুষ্ঠানৰ পৰৱৰ্তী সময়ত পুনৰ বাচনিত গ্ৰাহ্য হোৱা শিক্ষক কৰ্মচাৰীৰ দৰমহা ২০১৩ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা আদায়ৰ ব্যৱস্থা কৰাৰ বাবে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই দাবী উত্থাপন কৰে।