বাঘবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নদীসমূহে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সত্ৰকণৰা ১৪ নং ছিটত বেঁকী নৈয়ে কালৰূপ ধাৰণ কৰিছে। ভয়াৱহ এই খহনীয়াৰ ফলত গাঁওখনৰ হাজাৰ হাজাৰ পৰিয়ালে নিজৰ ভেটি-মাটি হেৰুৱাবলগীয়া হৈছে।
ভুক্তভোগী পৰিয়ালসমূহে পথৰ কাষে কাষে ডেৰা বান্ধি বসবাস কৰিছে। আনহাতে অঞ্চলটোৰ কণকণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ়াৰ একমাত্র ১০৭৪ নং পশ্চিম দেউলদি প্ৰাথমিক বিদ্যালয়খনো জাহ যায় নৈৰ বুকুত। ইফালে গাঁওখনৰ সনাতন মিছল এম ই স্কুল, ১০৭৫ নং পশ্চিম দেউলদি প্ৰাথমিক বিদ্যালয়কে ধৰি তিনিখন বিদ্যালয় লগতে তিনিটা মন্দিৰ আৰু শ শ পৰিয়াললৈ নৈখনে চৰম ভাবুকি কঢ়িয়াই আনিছে।