গুৱাহাটীঃ হত্যাৰ ভাবুকিৰ পিছত এইবাৰ জুবিনৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা৷ পত্নী গৰিমা শইকীয়া গাৰ্গে ৰুজু কৰা গোচৰ এটাত আদালত অৱমাননাৰ অভিযোগত গুৱাহাটীৰ সত্ৰ ন্যায়াধীশৰ আদালতে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে জাৰি কৰিছে এই পৰোৱানা৷
প্ৰাপ্ত বাতৰি মতে, ২০০৭ চনত অশ্লীল মেছেজেৰে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি জনৈক ৰঞ্জিত দত্ত নামৰ লোক এজনৰ বিৰুদ্ধে গীতানগৰ থানাত এটি গোচৰ ৰুজু কৰিছিল জুবিন পত্নী গৰিমাই৷ পৰৱৰ্তী সময়ত গোচৰটো আদালতৰ মজিয়া পায়গৈ। উক্ত গোচৰটোৰে সাক্ষ্যদানৰ বাবে জুবিনলৈ চমন জাৰি কৰিছিল আদালতে৷