গুৱাহাটীঃ সন্ত নিৰহংকাৰী চেৰিটেবল ফাউণ্ডেছনৰ গুৱাহাটী শাখাৰ উদ্যোগত মানৱ একতা দিৱসৰ লগত সংগতি ৰাখি মালাগুম চেকগেটস্থিত সন্ত নিৰহংকাৰী সৎসংগ ভৱনত এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।

পুৱা ১০ বজাত শিবিৰটো মুকলি কৰে পথ সংগঠন (বি আৰ অ) পূৱ মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী মধু পৰোৱালে। এই উপলক্ষে ফাউণ্ডেচনৰ গুৱাহাটী ফৰামৰ কৰ্মকৰ্তা বিনোদ ভৰদ্বাজে আঁত ধৰা চুমু অনুষ্ঠানত ভাষণ প্ৰসংগত মধু পৰোৱালে ৰক্তদানক এক মহান দান বুলি অভিহিত কৰে।

এজন লোকে দান কৰা ৰক্তই দুজন লোকৰ প্ৰাণ ৰক্ষা কৰিব পাৰে বুলি মন্তব্য কৰি এনেধৰণৰ স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা বাবে ফাউণ্ডেচনৰ গুৱাহাটী শাখাৰ কৰ্মকৰ্তাসকলৰ সলাগ লয়।

ৰক্তদান শিবিৰত বহুকেইজন বিশিষ্টি ব্যক্তি উপস্থিত থাকে। গুৱাহাটী ব্লাড বেংকৰ সহযোগত অনুষ্ঠিত ৰক্তদান শিবিৰত পুৰুষ-মহিলা উভয়ে প্ৰায় এশগৰাকী ব্যক্তিয়ে ৰক্তদান কৰে।