61
গুৱাহাটীঃ সন্ত নিৰহংকাৰী চেৰিটেবল ফাউণ্ডেছনৰ গুৱাহাটী শাখাৰ উদ্যোগত মানৱ একতা দিৱসৰ লগত সংগতি ৰাখি মালাগুম চেকগেটস্থিত সন্ত নিৰহংকাৰী সৎসংগ ভৱনত এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।
পুৱা ১০ বজাত শিবিৰটো মুকলি কৰে পথ সংগঠন (বি আৰ অ) পূৱ মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী মধু পৰোৱালে। এই উপলক্ষে ফাউণ্ডেচনৰ গুৱাহাটী ফৰামৰ কৰ্মকৰ্তা বিনোদ ভৰদ্বাজে আঁত ধৰা চুমু অনুষ্ঠানত ভাষণ প্ৰসংগত মধু পৰোৱালে ৰক্তদানক এক মহান দান বুলি অভিহিত কৰে।