Home অন্যান্য খবৰবিশ্বনাথৰ বালিচাঙত শাৰদীয় দুৰ্গোৎসৱৰ সফল সামৰণি

বিশ্বনাথৰ বালিচাঙত শাৰদীয় দুৰ্গোৎসৱৰ সফল সামৰণি

by News Desk
A+A-
Reset
IMG-20211016-WA0004

News Next One ,বিশ্বনাথ চাৰিআলি , ১৬ অক্টোবৰ ঃ বিশ্বনাথৰ বালিচাঙত সাৰ্বজনীন ভিক্তি অনুষ্ঠিত হোৱা শাৰদীয় দুৰ্গোৎসৱ যোৱাকালি সফল সামৰণি পৰে ৷ কভিড জনিত পৰিস্থিতি তথা চৰকাৰী SOP অনুসৰি পূজাভাগ সম্পন্ন কৰে উদযাপন সমিতিয়ে ৷ কাৰ্যক্ৰমণিকা অনুসৰি প্ৰথম দিনাখন গোসানী আগমনৰ মাংগলিক পুজা অৰ্চনা কৰাৰ লগতে আৰতি আদি কৰা হয় ৷ সন্ধিয়া ৬ বজাৰ লগে লগে ভক্তপ্ৰাণ ৰাইজে ভজন কীৰ্তন কৰে ৷ স্থানীয় কণ্ঠশিল্পী গোপাল লুইটেলে পৰিবেশন কৰা ভজন কীৰ্তনৰ অনুষ্ঠানে অনুষ্ঠানটিৰ বিশেষ মাত্ৰা প্ৰদান কৰে ৷ অঞ্চলটোৰ সুনাম থকা বাদ্যযন্ত্ৰী ৰঞ্জিত বিশ্বাস আৰু পৱন উপাধ্যায়ে সংগত কৰা বাদ্যযন্ত্ৰৰ ধ্বনী আৰু গোপাল লুইটেলৰ ভক্তিভৰা গীতৰ সুৰে মুখৰিত কৰি তোলে বালিচাঙৰ আকাশ বতাহ ৷ এই অনুষ্ঠানে ৰাইজৰ মাজত যথেষ্ট উচাহ আৰু ভক্তিভাৱ ফুটি উঠে ৷ তিনিধৰি অব্যাহত ৰখা ভজন কীৰ্তনৰ অনুষ্ঠানে ভক্তিভাবৰ এক অনন্যা মাত্ৰা প্ৰদান কৰা বুলি উদযাপন সমিতিয়ে জানিব দিয়ে ৷ মহানৱমীৰ দিনাখনত পুৰোহিতে মাংগলিক নীতি নিয়মেৰে পুজা অৰ্চনা কৰাৰ লগতে আদ্যাশক্তি স্বৰূপা নৱকন্যাৰ পুজা কৰা হয় ৷ দৰ্শনাৰ্থীয়ো কভিডৰ নীতি নিয়মৰ মাজেৰেই দেৱী দুৰ্গাক পুজা অৰ্চনা তথা দৰ্শন কৰি তৃপ্ত হয় ৷ বিশিষ্ট অতিথি হিচাবে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ , সমাজসেৱক অঞ্জন বৰা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি শাৰদীয় দুৰ্গোৎসৱৰ সমভাগী হয় ৷ ইফালে চাওঁতালী সকলে প্ৰদৰ্শন কৰা দাসাই নৃত্যও বেচ আকৰ্ষণীয় হোৱা বুলি জানিব পৰা গৈছে ৷ মহাদশমী দিনাখনত পুৰোহিতে মাংগলিক নীতি নিয়মৰ মাজেৰে পুজা পৰ্ব , হোম যজ্ঞাদি , চণ্ডীপাঠ আদি কৰি বিজয়া দশমীকৃত পুজা সমাপন কৰে ৷ আৰু আই ভগৱতীৰ প্ৰতিমা শোভাযাত্ৰা কৰি বিসৰ্জন কৰে ৷ এইদৰেই তিনিধৰি অব্যাহত থকা শাৰদীয় দুৰ্গোৎসৱৰ সফল সামৰণি পৰে ৷ উল্লেখ্য যে আকাশলঙ্ঘী মুল্যবৃদ্ধি আৰু কভিডজনীত পৰিস্থিতিত জুৰুলা হোৱা ৰাইজৰ মাজত উৎসাহ উদ্দীপনাত যথেষ্ট ম্লান পৰিছে ৷ আনকি জন সমাগমো যথেষ্ট কম হোৱা পৰিলক্ষিত হয় ৷ অনুষ্টুপীয়াকে হলেও বেপাৰ বাণিজ্য গঢ় লৈ উঠা এক মেলা সদৃশ পৰিবেশ গঢ় লৈ উঠে ৷ মন কৰিবলগা যে পুৰ্বৰ তুলনাত অতিৰঞ্জিত জাকজমকতাৰ বিপৰীতে ধৰ্মীয় পৰ্বৰ অনুষ্ঠানে প্ৰকৃতাৰ্থত পুজাৰ সফল ৰূপায়ণ হোৱা বুলি বৌদ্ধিক মহলে মতপোষণ কৰে ৷ অনুষ্ঠানৰ শেষত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে সকলোৰে সহায় সহযোগিতা দিহা পৰামৰ্শ সাপেক্ষে পুজাভাগৰ সাফল্যমণ্ডিত হোৱাত অন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে উদযাপন সমিতি বিষয়ববীয়া ক্ৰমে ভক্ত বাহাদুৰ ছেত্ৰী , বিমল উপাধ্যায় , শিৱনাথ প্ৰজা , চেবন শৰ্মা আৰু ৰোহিত শৰ্মাই ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0