ডিজিটেল ডেস্কঃ ঝৰখাণ্ডৰ এখন আদালতে শুকুৰবাৰে গো-ৰক্ষাৰ নামত হত্যাকাণ্ড সংঘটিত কৰা এটি গোচৰৰ ৰায় প্ৰদান কৰি ১১গৰাকী গো-ৰক্ষকক দোষী সাব্যস্ত কৰে৷ দেশত প্ৰথম বাৰৰ বাবে গো-ৰক্ষাৰ নামত সংঘটিত হিংসাত্মক ঘটনাৰ গোচৰৰ ৰায় দান প্ৰদান কৰি ১১গৰাকী লোকক দোষী সাব্যস্ত কৰা হয়৷ অহা ২০ মাৰ্চত শাস্তি ঘোষণা কৰিব ন্যায়ালয়ে৷
এগৰাকী বিজেপি নেতাক দোষী সাব্যস্ত কৰা হয়৷ আদালতে এই আক্ৰমণক পূৰ্ব পৰিকল্পিত বুলি আখ্যা দিয়ে৷ আনহাতে এই ৰায়ৰ বিৰুদ্ধে উচ্চ আদালতত পুনৰ আৱেদন কৰিব বুলি জানিব পৰা গৈছে৷ আলিমুদ্দিন ওৰফে আজগৰ আনছাৰী নামৰ মাংস ব্যৱসায়ীগৰাকীয়ে ২০১৭ চনৰ ২৯ জুনত গো-মাংস কঢ়িয়াই নি থকাৰ সন্দেহত মাৰ-ধৰ কৰিছিল একাংশ লোকে৷