69
দেৰগাঁওঃ এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক যোৱা ৯ দিন ধৰি আৰক্ষীয়ে শুংসুত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় গোলাঘাট জিলাৰ দেৰগাঁৱত৷ ৮ মাৰ্চত ঘৰৰ পৰা ওলাই গৈ আজিও উভতি নহাত ছাত্ৰজনৰ পৰিয়ালে চকুলো টুকি দিন পাৰ কৰিছে৷
গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মিছামৰা চাহ বাগিচাৰ পুৰণা লাইনৰ বিজয় ঘাটোৱাৰৰ পুত্র ৰাজু ঘাটোৱাৰ (১০) নামৰ ছাত্রজন যোৱা ৮ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে৷