গুৱাহাটীঃ এক আৰু এক যোগ কৰিলে কিমান হয়৷ সকলোৱে কব দুই হ’ব৷ কিন্তু এক আৰু এক যোগ কৰি শূন্য ফলাফল কৰি দেখুৱাব এখন নাটকৰ জৰিয়তে৷ এক্টিং একাডেমীয়ে মঞ্চস্থ কৰিব ১+১=০ নামৰ নাটক খন৷ গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি একাডেমিখনৰ অধ্যক্ষ, নাট্যকৰ্মী কুলেন্দ্ৰ ৰায়চৌধুৰীয়ে নাটক খন সন্দৰ্ভত অৱগত কৰে৷
কুলেন্দ্ৰ ৰায়চৌধুৰীৰ ৰচনা পৰিচালনা আৰু পৰিকল্পনাৰে ১+১=০ শীৰ্ষক নাটক খন ২৫ অক্টোবৰত মহানগৰীৰ গুৱাহাটী জিলা পুথি ভৰালত নবীন-প্ৰবীণ এজাক অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিব৷