Home অন্যান্য খবৰঅসমত বন্ধ হোৱাৰ দিশে ৩ হাজাৰ চৰকাৰী বিদ্যালয়!

অসমত বন্ধ হোৱাৰ দিশে ৩ হাজাৰ চৰকাৰী বিদ্যালয়!

by News Desk
87 views
A+A-
Reset

ডিজিটেল ডেস্ক,২১ চেপ্টেম্বৰঃ চৰকাৰী শিক্ষাখণ্ডৰ বাবে এক দুঃখবৰ৷ ৰাজ্যত বন্ধ হ’ব পাৰে ৩ হাজাৰ চৰকাৰী বিদ্যালয় ৷ বিদ্যালয়ত শিক্ষাৰ্থীৰ আশানুৰূপ নামভৰ্তি নোহোৱাৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ ৷ ২০২২ চনৰ পৰা সম্পূৰ্ণ ৰূপে কাৰ্য্যকৰী হ’ব নতুন শিক্ষা নীতি ৷নতুন শিক্ষা নীতি আৰম্ভ কৰাৰ প্ৰাকক্ষণত আৰম্ভ হৈছে বিদ্যালয় একত্ৰিকৰণ প্ৰক্ৰিয়া ৷ যি প্ৰক্ৰিয়াৰ অধীনত ৰাজ্যত লোপ পাব তিনি হাজাৰ চৰকাৰী বিদ্যালয় আৰু প্ৰায় ১৪ হাজাৰ শিক্ষক কৰ্মচাৰী পদ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত হ’বলগীয়া নতুন শিক্ষা নীতি আয়োগে পৰামৰ্শ লৈ অক্টোবৰত অধিক খৰতকীয়াকৈ কাম কাজ আৰম্ভ কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷

লোক নিৰ্মান বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা পোৱা শিক্ষকক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক শিক্ষা মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিং ৷ ষষ্ঠ শ্ৰেণীৰ পৰা বৃত্তিমূলক শিক্ষাক বাধ্যতামূলক কৰাৰ ইংগিত প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চ্যুকাফাকে ধৰি অসম প্ৰতিষ্ঠা কৰাত আগভাগ লোৱা বিশেষ ব্যক্তিৰ তথ্য সম্বল পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়ায় ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0