গোলাঘাটঃ গোলাঘাট নগৰৰ এজন মেধাৱী ছাত্ৰ,প্ৰতিভা সম্পন্ন যুৱক বিক্ৰান্তজিৎ শইকীয়াই নিজৰ কেইজনমান ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু সহযোগীক লৈ ৰাজ্যৰ যুৱ চামক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে ২০১৯ চনৰ ২৬ মে’ তাৰিখে প্ৰতিষ্ঠা কৰিছিল ‘ অভিজ্ঞতা ‘ নামেৰে এটি সংগঠন।
আজি সেই সংগঠনটোৱে দুটা বছৰ সম্পূৰ্ণ কৰিলে। প্ৰতিষ্ঠা কালৰে পৰা এই যুৱ সংগঠনটোৱে মানৱ সম্পদ উন্নয়নৰ হকে আৰু বিশেষকৈ অসমৰ প্ৰত্যেক গৰাকী যুৱক যুৱতীক জাতি ,ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে এক মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।