3D এনিমেশ্যন। 3D প্রিন্টিং। 3D স্কেনিং। বিশ্বায়নৰ যুগত 3D-ৰ চাহিদা অশেষ। কিন্তু, 3D TV? 3D ৰ জনপ্ৰিয়তাৰ মাজতে মৃত্যুৰ বহীত নাম উঠল 3D TV-ৰ। এককথাত ফ্লপ। এতিয়া 3D TV-ৰ বিক্রেতা বিচাৰি পোৱাতো দুৰূহ। কোনো বৃহৎ প্ৰতিষ্ঠানে প্ৰস্তু কৰা নাই 3D TV৷ LG আৰু ছ’নিয়েও বন্ধ কৰিছে 3D TV-ৰ প্ৰডাকশ্যন৷ ২০১০ বৰ্ষত ‘অবতাৰ’ ছবিৰ সাফল্যৰ পিছত 3D প্রযুক্তিৰ চাহিদা অভূতপূর্বভাৱে বৃদ্ধি পাইছিল। কিন্তু, ৭ বছৰ পিছত প্রায় বন্ধৰ দিশে গতি কৰিছে 3D TV প্ৰজেক্ট। 3D TV ফ্লপ হোৱাৰ কাৰণ কি?
১) বিষয়বস্তুর অভাব। DirectTV আৰু ESPN-এ ২০১৩ চনতে কনটেন্ট সম্প্রচাৰ বন্ধ কৰি দিয়ে৷