গুৱাহাটীঃ বক্ৰ পথেৰে চাকৰি লৈ ২৫ গৰাকীকৈ APS-ACS-এ জেলত থাকিব লগা হোৱাৰ সময়তে এইবাৰ আৰক্ষীৰ জালত পৰিল ২০১৩ বৰ্ষৰ ACS-APS৷ মঙলবাৰে নিশাৰে পৰা ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই ৫গৰাকী ACS-APS বিষয়াক জালত পেলাইছে৷
দক্ষিণ শালমাৰাৰ ২৬নং বেটেলিয়ানৰ সহ-আৰক্ষী অধীক্ষক কৌশিক কলিতা, নামনিৰ নলবাৰী জিলাৰ কৰ পৰিদৰ্শক বৰ্ণালী দেৱী, লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চক্ৰ বিষয়া ঋতুৰাজ গগৈ, মাজুলী জিলাৰ সহকাৰী নিয়োগ বিষয়া সত্যজিত্ সৰকাৰ আৰু কামৰূপৰ ৰঙিয়া মহকুমা আবকাৰী পৰিদৰ্শক অভিষেক বৰবৰাক ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰে। শেহতীয়া খবৰ মতে, মহানগৰীৰ কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাত আটাকেইজন বিষয়াকে মাৰাথান জেৰা অব্যাহত ৰাখিছে৷