ডিজিটেল ডেক্সঃ জম্মু কাশ্মীৰৰ কঠুৱাত সংঘটিত হোৱা ধৰ্ষণ ঘটনাটি এক হৃদয় বিদাৰক আছিল৷ কণমানি ফুল কুমলীয়া নিষ্পাপ মনৰ শিশুৰ জীৱনক লৈ হেতালি খেলা এচাম পাখণ্ডয়ে পুনৰ কাশ্মীৰত ধৰ্ষণ কাৰ্য সংঘটিত কৰে৷ এগৰাকী ৯ বছৰীয়া শিশুক দলবদ্ধ হৈ ধৰ্ষণ কৰা কাৰ্যই গোটেই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
কিন্তু এইবাৰৰ ঘটনাৰ আৰঁত আছে শিশু গৰাকীৰ মাহী মাক৷ ধৰ্ষণৰ পাছত শিশুগৰাকীক নৃশংষ ভাৱে হত্যা কৰা হয়৷ স্থানীয় অাৰক্ষী বিষয়া ইমতিয়াজ হুছেইন মীৰৰ মতে ২৩ আগষ্টৰ পৰা শিশুগৰাকী নিৰুদ্দেশ হোৱাৰ কথা ব্যক্ত কৰে৷ শিশুগৰাকীৰ দেউতাকে আৰক্ষীৰ চকীত গৈ অভিযোগ দাখিল কৰাৰ বিষয়ে জানিব পৰা গৈছে৷ সকলো তদন্তৰ কৰাৰ পাছত ওচৰেৰ এখন হাবিত শিশু গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷