90
শিমলুগুৰিঃ সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে শিৱসাগৰ জিলাৰ আহোম ৰজাৰ দিনৰ ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ব্যৱস্থা নকৰাত ক্ষোভ প্ৰকাশ কৰে৷
সংৰক্ষণৰ অভাৱত জহিখহি যোৱাৰ উপক্ৰম হোৱা কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ দাবীত আজি নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ পুৰাতত্ব বিভাগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।