গৌৰীসাগৰঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বিজেপিয়ে। গাঁৱে-ভুঞে, মেলে-মিটিঙে বিজেপিৰ জয়গান গাই ভোটাৰক প্ৰভাৱান্বিত কৰাৰ পুৰ্ণ প্ৰচেষ্টা চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত।
এই কাৰ্যসূচীৰেই এক অংশ হিচাপে শিৱসাগৰ জিলাৰ আমগুৰি বিধাসভা সমষ্টিৰ অন্তৰ্গত চিন্তামণি গড়গাঁও পঞ্চায়তত ৰবীন বড়াই সভাপতিত্ব এক সভাৰ আয়োজন কৰা হয়। সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সদস্য প্রাঞ্জল কটকী, মণ্ডল সভাপতি অৰুপ বড়া, যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক বিপ্লৱ বৰুৱা, মাখন বড়া, ব্লক সম্পাদক মুকুন্দ গগৈ লগতে অন্যান্য নেতৃবৰ্গ।