59
ধনশিৰিঃ মদৰ ৰাগীত মাতাল এগৰাকী পিতৃক খেদি খেদি হত্যা কৰিলে পুত্ৰই৷ প্ৰতিদিনে মদৰ ৰাগীত মাতাল হৈ ঘৰলৈ আহি পত্নী, পুত্ৰ, কন্যাক গালি গালাজ কৰাৰ লগতে হৈ হুলস্থুল কৰি অতিষ্ঠ কৰিছিল পিতৃয়ে৷ যাৰ বাবে প্ৰায়ে পিতা-পুত্ৰৰ সংঘাত হৈছিল৷
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত খাৰুৱা গাঁৱৰ গুণাৰামৰ গগৈয়ে বৃহস্পতিবাৰে নিশাও মদৰ ৰাগীত মাতাল হৈ আহি সকলোকে গালি-গালাজৰ লগতে মাৰপিট কৰে৷