সাংস্কৃতিক প্ৰতিবেদনঃ বাণ ৰজাৰ জীয়ৰী উষাৰ নামেৰে বিখ্যাত সৌন্দৰ্য্যৰ চহৰ তেজপুৰ। উষা নগৰী তেজপুৰত নাট, সাহিত্য, সংগীতৰ চৰ্চাৰ এক বৰ্ণিল ইতিহাস আছে৷ অসমীয়া নাট-সাহিত্য-সংস্কৃতিৰ বহুপুৰোধা লোকৰ জন্মস্থান তেজপুৰ৷ ১৯০৭ চনত ৰাজ্যৰ সৰ্ব প্ৰথম বাদ্যযন্ত্ৰীৰ দলটো তেজপুৰতে গঠন হৈছিল। আনহাতে ১৯০৬ চনত ৰংগমঞ্চ সাজি আধুনিক ৰংগমঞ্চৰ ইতিহাসৰো আৰম্ভণি হৈছিল এই তেজপুৰতেই।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰতেই প্ৰথম অসমীয়া চলচিত্ৰ ‘জয়মতী’ৰ নিৰ্মাণ কাৰ্য সম্পাদন কৰিছিল৷ ১৯৪০ চনত ৰাজ্যৰ প্ৰথমখন সংগীত বিদ্যালয় জ্যোতিকলা কেন্দ্ৰ জাতীয় সংগীত বিদ্যালয় তেজপুৰত স্থাপন হোৱাৰ লগতে অসমীয়াৰ আৱেগ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ পোন প্ৰথমে সুৰাৰোপিত কৰা হৈছিল।