Home ৰাজ্যবাঘবৰত হাতেৰে চুব পাৰি বিদ্যুৎ বিভাগৰ তাৰ

বাঘবৰত হাতেৰে চুব পাৰি বিদ্যুৎ বিভাগৰ তাৰ

by News Desk
93 views
A+A-
Reset

বাঘবৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত অতি কমেও ৪০ জনকৈ লোক মৃত্যু মুখত পৰাৰ পিছতো গা লৰা নাই পল্লৱলোচন দাসৰ বিদ্যুৎ বিভাগৰ৷ বৰপেটা জিলাৰ বাঘবৰতো এতিয়া বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ গাফিলতিয়ে বিপদ মাতি আনিছে স্থানীয় ৰাইজলৈ৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে বাঘবৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অধিকাংশ বাট-পথৰ ওপৰেৰে বিদ্যুৎ সৰবৰাহ কৰিবৰ বাবে টানি নিয়া তাৰ সমূহ মাটিৰ পৰা কিছু ওপৰেৰে টানি নিয়াৰ ফলত যিকোনো মুহুৰ্তত অঘটন সংঘটিব হব পাৰে৷

বিদ্যুতৰ খুটাৰ পৰা দোলা দি তাৰ সমূহ তললৈ নামি আহে৷ যাৰ ফলত হাত মেমিলেই চুব পৰা হৈছে তাৰ সমূহ৷ হাতেৰে ছুব পৰাকৈ উন্মুক্ত ১১ হেজাৰ ভল্টৰ তাৰ উলমি থকাৰ লগতে সেউৰাভিটা গাঁৱৰ চাৰি আলিত থকা ট্ৰেন্সৰ্ফমাৰটো সঘনাই বিষাক্ত গেছ ওলাই থকা বুলি ৰাইজে অভিযোগ কৰে। অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ মন্দিয়া উপ-বিদ্যুত সংমণ্ডলত জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ বিদ্যুত বিভাগে বিদ্যুতস্পৃষ্ট হৈ প্ৰাণ দিয়া লোকক দুই চাৰি লাখ টকা প্ৰদানৰ ইচ্ছা বন্ধ কৰি বিষয়া-কৰ্মচাৰীক কামত খটুৱাবলৈ আহ্বান জনায়। বাঘবৰৰ ৰাইজে শীঘ্ৰে শক্তি মন্ত্ৰী পল্লৱলোচন দাসক বাঘবৰৰ উন্মুক্ত বিদ্যুত পৰিবাহী তাৰসমূহ মাটিৰ পৰা প্ৰায় ২৫ ফুট ওপৰেৰে নিবলৈ আহ্বান জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0