ডিজিটেল ৰিপ’ৰ্টঃ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অনুৰাগীৰ সংখ্যা লাখ বা অংসখ্য, এই অংসখ্য অনুৰাগীৰ মাজৰ বহুতো এনেকুৱা অনুৰাগী আছে যিয়ে জুবিন গাৰ্গক অনুপ্ৰেৰণা লৈ নিজকে সংগীত, কবিতা, অভিনয় আদিৰ ক্ষেত্ৰত নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ উৎসাহ পায় আগুৱাই আহে।
ঠিক তেনেকৈ সৰুৰ পৰাই কবিতা, সংগীত ভাল পোৱা শেতালি গাওঁ, নগাঁৱৰ বাসিন্দা নৰেশ্বৰ শইকীয়া আৰু থানেশ্বৰী শইকীয়াৰ প্ৰতিভাশালী পুত্ৰ “বৈকুন্ঠ প্ৰিন্স শইকীয়া”ই লিখি ওলাইছে “জুবিন দা” শীৰ্ষক নামৰ চৰ্চিত কবিতাটো, এই সুন্দৰ কবিতাটোৰ শ্ৰব্য চিডি তথা ইন্টাৰনেটত মুক্তি দিয়া হয়।