গুৱাহাটীঃ অসম বাৰ্তাজীৱি সংঘৰ ৪৩ সংখ্যক পূৰ্ণকালীন অধিৱেশন আজি দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যায়৷ অধিৱেশনৰ লগত সংগতি ৰাখি সংঘৰ সভাপতি কেশৱ কলিতাৰ সভাপতিত্বত গুৱাহাটী প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত দুপৰীয়া এখন সভা অনুষ্ঠিত হয়৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংঘৰ সম্পাদক জগদীশ চন্দ্ৰ পাটগিৰিয়ে৷
সংঘৰ বিভিন্ন জিলাৰ প্ৰতিনিধি আৰু গুৱাহাটীস্থ বিভিন্ন বাতৰি কাকত প্ৰতিষ্ঠানৰ কৰ্মচাৰী ইউনিয়নৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত সাংবাদিক সকলৰ বহু গুৰুত্বপূৰ্ণ দিশৰ সন্দৰ্ভত আলোচনা কৰা হয়৷ সাংবাদিক তথা সংবাদ কৰ্মচাৰী সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত আলোকপাত কৰে সংঘৰ সভাপতি কেশৱ কলিতা আৰু সহঃ সম্পাদক টুটুমণি ফুকনে৷