63
শিলচৰঃ আনন্দত মতলীয়া হৈ পানীৰ মাজত ছেলফি উঠাৰ পিছতে সন্ধানহীন হ’ল ৩ যুৱক। এই ঘটনাৰ স্থান কাছাৰ জিলাৰ লক্ষীপুৰৰ কালাবিল। কালাবিলৰ পানীত নৌকা বিহাৰত ব্যস্ত আছিল এটি যুৱকৰ দল।
তথ্য অনুসৰি কেবাজনো যুৱকে আনন্দ উপভোগৰ বাবে কালাবিললৈ গৈছিল। তাতে তেওঁলোকে এখন নৌকাত উঠে। দীৰ্ঘসময় তেওঁলোকে আনন্দত মতলীয়া হৈ পানীৰ মাজত ভ্ৰমণ কৰে।