চৰাইদেউঃ ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহক লৈ একাংশ জাতীয় সংগঠনে নীৰৱতা অৱলম্বন কৰা বুলি বিভিন্ন মহলত চৰ্চা হৈ থকাৰ সময়তে এটা জাতীয় সংগঠনৰ ভিতৰচ’ৰাক ধুমুহাই জোকাৰি যোৱাৰ কথা পোহৰলৈ আহিছে। এই সংগঠনটো হৈছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিৰাজ কুমাৰ তালুকদাৰক যোৱা ১৯ জুলাইত কাজিৰঙাৰ কনভেনচন হ’লত অনুষ্ঠিত পৰিষদৰ গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভাই পৰিষদৰ সকলো বিষয়-বাব আৰু প্ৰাথমিক সদস্য পদৰ পৰা আজীৱন অব্যাহতি দিয়ে।
কনভেনচন হ’লত পৰিষদৰ সৰ্বোচ্চ পৰামৰ্শদাতা উপদেষ্টা পৰিষদৰ উপস্থিতিত উপ-সভাপতি ৰঞ্জন উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহক সভাত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।