পাঞ্জাবাৰীঃ অসম কুংফু সন্থাৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ ভোগেশ্বৰী ফুকননী ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা দলটোৱে সৰ্বাধিক পদক লাভ কৰি চেম্পিয়ন হিচাপে ৰাজ্যখনৰ বাবে গৌৰৱ কঢ়িযাই আনিছে৷
১৬ জুলাইত সামৰণি পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত ১৫ সংখ্যক ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত ১২ খন ৰাজ্যৰ খৈলুৱেই অংশ গ্ৰহণ কৰিছিল৷ প্ৰতিযোগিতাত সৰ্বমুঠ ২৫ টা পদকেৰে অসমে প্ৰথম স্থানত থকাৰ লগতে ১২ টা পদক লাভৰে দ্বিতীয় স্থানত থাকে মণিপুৰে।